ETV Bharat / bharat

বিখ্যাত কাশ্মীৰী ফটো সাংবাদিকৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

author img

By

Published : Apr 20, 2020, 8:25 PM IST

বিখ্যাত কাশ্মীৰী সাংবাদিকৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ ৰুজু ৷ ফেচবুকৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহী মন্তব্য আগবঢ়োৱা বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

মছৰত জেহৰা
বিখ্যাত কাশ্মীৰী ফটো সাংবাদিকৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল : বিখ্য়াত কাশ্মীৰী ফটো সাংবাদিক মছৰত জেহৰাৰ বিৰুদ্ধে UAPA আইনৰ (Amended Act to Prevent Illegal Activities) অধীনত চাইবাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহী মন্তব্য আগবঢ়োৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হয় বুলি চাইবাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

চাইবাৰ আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে যে,জেহৰাই তেওঁৰ ফেচবুক পোষ্টৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহী কাৰ্যকলাপ আৰম্ভ কৰিবলৈ সকলোকে প্ৰেৰিত কৰিছে ৷ ইয়াৰ ফলত আইন-শৃংখলা উলংঘা কৰা বুলি চাইবাৰ আৰক্ষীয়ে দাবী কৰিছে ৷ আৰক্ষীয়ে কয় যে,সাংবাদিক গৰাকীয়ে আইন প্ৰৱৰ্তন কৰা এজেন্সীসমূহৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰিছে ৷ সেয়েহে চাইবাৰ আৰক্ষীয়ে UAPA ৰ অধীনত 10/2020 নং গোচৰ ৰুজু কৰে সাংবাদিক গৰাকীৰ বিৰুদ্ধে ৷

উল্লেখ্য যে,মছৰত জেহৰা হৈছে শ্ৰীনগৰৰ আলামগিৰি বজাৰৰ এগৰাকী মহিলা ফটো সাংবাদিক ৷ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বহু সংবাদ মাধ্যমত তেওঁ freelance সাংবাদিক হিচাপে কাম কৰি আহিছে ৷ তেওঁৰ কামে ৰাষ্ট্ৰীয় পৰ্যায়তো বহু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত মছৰত জেহৰাই কয় যে,সোমবাৰৰ পুৱা পৰ্যন্ত এই সম্পৰ্কত তেওঁ কোনো তথ্য লাভ কৰা নাছিল ৷ ইয়াৰ পাচতে চ'ছিয়েল মিডিয়াৰ জৰিয়তে তেওঁ আৰক্ষীৰ প্ৰেছ বিজ্ঞপ্তি লাভ কৰাৰ পাচতে এই সম্পৰ্কত জানিব পাৰে ৷ ইয়াৰোপৰি,চাইবাৰ বিভাগৰ এই প্ৰেছ বিজ্ঞপ্তিত জেহৰাক ফটো সাংবাদিক হিচাপে উল্লেখ কৰাৰ পৰিৱৰ্তে এগৰাকী সাধাৰণ ফেছবুক ব্যৱহাৰকাৰী বুলি উল্লেখ কৰা হৈছে ৷

এই সম্পৰ্কত ইটিভি ভাৰতে কাশ্মীৰৰ মহিলা সাংবাদিক সন্থাৰ সভাপতি আৰু সাংবাদিক ফাৰজানা মুমতাজৰ সৈতে বাৰ্তালাপ কৰে ৷ তেওঁ কয় যে,এই সম্পৰ্কত তেওঁ চাইবাৰ আৰক্ষী বিভাগৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰাৰ পাচতহে বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.