ETV Bharat / bharat

কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পত চাইবাৰ আক্ৰমণ -লে. জে(অৱসৰপ্ৰাপ্ত) ডি এছ হুডা

author img

By

Published : Nov 9, 2019, 2:01 AM IST

Updated : Nov 9, 2019, 8:01 AM IST

যোৱা 29 অক্টোবৰত কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছিল যে "শক্তি প্ৰকল্পটোত চাইবাৰ আক্ৰমণ হোৱা বুলি এক মিছা তথ্যৰ প্ৰচাৰ কৰা হৈছে ৷" ইয়াৰ জৰিয়তে প্ৰকল্পটোৰ কৰ্তৃপক্ষই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি- "পাৰমাণৱিক শক্তি প্ৰকল্পটোত ইয়াৰ জটিলতম প্ৰণালীৰ ওপৰত চাইবাৰ হেকাৰে ভাইৰাচ আক্ৰমণ সংঘটিত কৰা বুলি ওলোৱা খবৰ"ক প্ৰত্যুত্তৰ দিছিল ৷

কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পত চাইবাৰ আক্ৰমণ -লে. জে(অৱসৰপ্ৰাপ্ত) ডি এছ হুড্ডা

যোৱা 29 অক্টোবৰত কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছিল যে "শক্তি প্ৰকল্পটোত চাইবাৰ আক্ৰমণ হোৱা বুলি এক মিছা তথ্যৰ প্ৰচাৰ কৰা হৈছে ৷" ইয়াৰ জৰিয়তে প্ৰকল্পটোৰ কৰ্তৃপক্ষই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা প্ৰতিবেদন মতে- "পাৰমাণৱিক শক্তি প্ৰকল্পটোত ইয়াৰ জটিলতম প্ৰণালীৰ ওপৰত চাইবাৰ হেকাৰে ভাইৰাচ আক্ৰমণ সংঘটিত কৰা বুলি ওলোৱা খবৰ"ক প্ৰত্যুত্তৰ দিছিল ৷

পৰৱৰ্তী দিনা কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্প কৰ্তৃপক্ষই আন এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিবলৈ বাধ্য হয় ৷ সেই বিজ্ঞপ্তিত কৰ্তৃপক্ষই জনায় যে- "নেছনেল পাৱাৰ কৰ্পৰেচন অৱ ইণ্ডিয়া,চমুকৈ NPCILৰ অপাৰেটিং প্ৰণালীত "Malware" কম্পিউটাৰ ভাইৰাছ ধৰা পৰাটো সত্য ৷ বিষয়টো সন্দৰ্ভত Indian Computer Emergenncy Response Team, চমুকৈ ICERTক অৱগত কৰা হৈছে ৷ সমগ্ৰ ঘটনাটো তেওঁলোকে 2019ৰ 8 ছেপ্টেম্বৰত পৰ্যবেক্ষণ কৰিছিল ৷ আনহাতে প্ৰকল্প কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো তল পেলাই কৈছিল, "তদন্তত প্ৰকাশ পাইছে যে,ভাইৰাচৰ দ্বাৰা আক্ৰান্ত কম্পিউটাৰ কেইটা ইণ্টাৰনেট সংযোজিত নেটৱৰ্ক ব্যৱহাৰকাৰীৰ ৷ ই সকলোধৰণৰ যৌগিক ইণ্টাৰনেট নেটৱৰ্কৰ পৰা সম্পূৰ্ণ পৃথক ৷

অৱশ্যে এইটো সত্য যে,উক্ত চাইবাৰ আক্ৰমণৰ বাবে পাৰমাণৱিক প্ৰকল্পটোৰ কাম-কাজত কোনোধৰণৰ প্ৰভাৱ পৰা নাছিল ৷ কিন্তু এইক্ষেত্ৰত অন্যান্য পাৰমাণৱিক কেন্দ্ৰসমূহত ইতিমধ্যে হৈ যোৱা অনুৰূপ বা অধিক সফল চাইবাৰ আক্ৰমণৰ ঘটনাক ফঁহিয়াই চোৱাটো অধিক জ্ঞানগৰ্ভ হ'ব ৷ ৰাষ্ট্ৰপতি বাৰাক অবামাই 2009 চনত কাৰ্যভাৰ গ্ৰহণ কৰা এমাহৰ পাছত,ইৰাণী নাটাঞ্জ পৰমাণু সংবৰ্দ্ধন কেন্দ্ৰত ছেণ্টিফিউজ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছিল ৷ উক্ত ঘটনাটোক কোনো এখন দেশে অন্য এখনৰ বিৰুদ্ধে ব্যৱহাৰ কৰা আক্ৰমণাত্মক চাইবাৰ আহিলাৰ ঘটনা বুলি অভিহিত কৰিব পাৰি ৷ লেখক ফ্ৰেড কাপলানে এই চাইবাৰ আক্ৰমণৰ ঘটনাৰ কিছু তথ্য তেখেতৰ গ্ৰন্থ "ডাৰ্ক টেৰিটৰীঃ দ্য চেক্ৰেট হিষ্ট্ৰি অৱ চাইবাৰ ৱাৰ"ত সন্নিৱিষ্ট কৰিছে ৷

আমেৰিকানসকলে নাটাঞ্জৰ নিয়ন্ত্ৰণ প্ৰণালীক সংক্ৰমিত কৰাৰ উদ্দেশ্যৰে বিকশিত কৰা ভাইৰাছবিধ অত্যন্ত অত্যাধুনিক আৰু ই পাঁচটা কম্পিউটিং প্ৰণালী ভেদ কৰিব পাৰে ৷ পূৰ্বতে ই ইমান পৰিচিত নাছিল যদিও,(উইণ্ডজ অপাৰেটিং চিষ্টেমত ইয়াক সাধাৰণতে "জিৰ-ডে এক্সপ্লইট") বুলি জনা গৈছিল ৷ নাটাঞ্জত বিস্ফোৰিত ছেণ্টিফিউজৰ পৰিমাণ 1000 কিউৰিৰ পৰা 2000 ভিতৰত আছিল ৷ ইয়ে ইৰাণৰ ইউৰেনিয়াম সংবৰ্দ্ধন প্ৰচেষ্টাক কিছুবছৰ পিছুৱাই লৈ গৈছিল ৷

এই চাইবাৰ আক্ৰমণত লক্ষ্যণীয় বিষয়টো হৈছে যে,প্ৰাথমিক প্ৰচেষ্টা যিটো অত্যন্ত কাৰ্যক্ষম আছিল ৷ লেখক কাপলানে বৰ্ণনা কৰাৰ দৰে নাটাঞ্জত সংঘটিত মাৰ্কিন চাইবাৰ আক্ৰমণৰ ঘটনাৰ আৰম্ভণি তিনিবছৰৰ আগতে 2006 চনতেই আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে নেশ্যনেল চিকিউৰিটি এজেন্সি, চমুকৈ(NSA)ৰ দলে "কম্পিউটাৰৰ নেটৱৰ্ক ভেদ কৰি কেনেকৈ ৰিয়েক্টৰসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি লগতে নেটৱৰ্ক ব্যৱস্থাক ব্যৱহাৰ কৰি ইয়াৰ মাত্ৰা,ক্ৰিয়া-কলাপ আৰু বৈশিষ্ট্যৰ উপৰি অন্যান্য ভেদ কৰিব পৰা উপাদানসমূহৰ সন্ধান কৰা ৷" এনেধৰণেই এটা চাইবাৰ আক্ৰমণ সংঘটিত কৰা হয় ৷ ইয়াক আৰু পৃথকভাৱে বুজিব নোৱাৰি ৷

এইক্ষেত্ৰত কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পৰ বিষয়টো কিছু চিন্তাজনক ৷ কিয়নো আমি এতিয়াও এই বিষয়ত অজ্ঞাত যে,সংক্ৰমিত কম্পিউটাৰ কেইটাৰ পৰা তথ্যৰ হৰলুকি হৈছে নে নাই ৷ এয়াও সম্ভৱ যে, প্ৰকল্পটোৰ ওপৰত চুৰি কৰা তথ্যৰ ভিত্তিত পুনৰ আক্ৰমণ সংঘটিত হ'ব পাৰে ৷

কঠোৰ সত্য এয়াই যে, আজিৰ বিশ্ব শান্তভাৱে কিন্তু সক্ৰিয়ভাৱে মাৰাত্মক চাইবাৰ যুদ্ধত লিপ্ত হৈ পৰিছে যাৰ বাবে একোখন দেশৰ জটিল আন্তঃগাঁথনিসমূহ যিসমূহে একোখন দেশক পৰিচালিত কৰে সেইসমূহ গুৰুত্বপূৰ্ণ সংকটৰ সন্মুখীন হৈছে ৷ 2018 চনৰ মাৰ্চ মাহত আমেৰিকান ডিপাৰ্মেণ্ট অৱ হমলেণ্ড ছিকিউৰিটি আৰু ফেডাৰেল ব্যুৰ অৱ ইনভেষ্টিগেচনে ৰাছিয়ান চৰকাৰৰ চাইবাৰ অনুপ্ৰৱেশ সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছিল ৷ এই দুই সংস্থাই চাইবাৰ অপৰাধীয়ে মাৰ্কিন চৰকাৰৰ বিভিন্ন চৰকাৰী অংগ যেনে- শক্তিখণ্ডৰ সংস্থা,পৰমাণু,বাণিজ্যিক ব্যৱস্থা,জল,উৰণ সংস্থা আৰু জটিল উৎপাদনমূলক খণ্ড আদিৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছিল ৷ 2019 ৰ জুনত দ্য নিউইয়ৰ্ক টাইমছে প্ৰকাশ কৰিছিল যে-"আমেৰিকাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সকীয়নি প্ৰদান কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ বৈদ্যুতিক পাৱাৰ গ্ৰীডত ডিজিটেল বহিঃআক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে ৷ পুটিন আৰু ট্ৰাম্প প্ৰশাসনে চাইবাৰ আক্ৰমণক আৰু অধিক আক্ৰমণাত্মক হিচাপে প্ৰদৰ্শিত কৰিবলৈ আৰু অধিক চাইবাৰ আহিলাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷

এনেধৰণৰ আৰু বহুতো উদাহৰণ আছে য'ত আমি প্ৰতিনিয়ত ভয়াৱহ আৰু অসমাধান সূত্ৰৰ এলেকাত সোমাই পৰিছো ৷ চাইবাৰ আক্ৰমণৰ এনে কিছু ঘটনাৰ ভিতৰত- 2007 চনত সংঘটিত ইষ্টনিয়াৰ চাইবাৰ আক্ৰমণ, ছনী পিকচাৰ্সৰ ওপৰত উত্তৰ কোৰিয়াৰ হেকিং, ছৌডি আৰামকোৰ ওপৰত ইৰাণিয়ান চাইবাৰ আক্ৰমণ, চাইনীজ চাইবাৰ চুৰিৰ মাধ্যমেৰে মাৰ্কিন সৈন্য প্ৰযুক্তিৰ চুৰি, আৰু সন্দেহজনক মাৰ্কিন চাইবাৰ বাধা যাৰ পৰিণতিত ব্যৰ্থ হৈছিল 2016 চনত উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণ ৷

বিশ্বব্যাপী বৃদ্ধি পোৱা চাইবাৰ সংশয়ৰ পৰা ভাৰতে পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰাসংগিকতা আছে ৷ কিন্তু এইক্ষেত্ৰত আৰম্ভণি দেশত ব্যৱহৃত হাৰ্ডৱেৰ আৰু ছফটৱেৰসমূহৰ ঘৰুৱা উৎপাদনেৰে ঘৰুৱাকৰণ কৰিব লাগিব ৷ কাৰণ কিছুসংখ্যক দেশ বিক্ৰী কৰা আই টি উপকৰণত প্ৰথমেই ভাইৰাছ সংৰূপিত কৰে আৰু তাৰ পাছত ইয়াক সক্ৰিয় কৰি ক্ৰেতাসকললৈ এৰি দিয়ে ৷ গ্লেন গ্ৰীণৱাল্ডৰ গ্ৰন্থ " ন প্লেছ টু হাইড"ত কোৱা মতে- কেনেকৈ এন এচ এৰ কৰ্মচাৰীয়ে চিচকো ৰাউটাৰক বাধা দি তাত নিৰীক্ষণ কৰিব পৰা আহিলা সংৰূপিত কৰি পুনৰ তাক নিৰীক্ষণ কৰিব লগীয়া সংগঠনক প্ৰেৰণ কৰিছিল ৷ 2018 ৰ অক্টোবৰত প্ৰকাশিত ব্লুমবাৰ্গ প্ৰতিবেদন প্ৰকাশিত তথ্যনুসৰি চীনৰ চোৰাংচোৱা সেৱাই চীনৰ প্ৰযুক্তিৰ লগত জড়িত সহ-ঠিকাদাৰসকলক আমেৰিকালৈ যাবলগীয়া চুপাৰ মাইক্ৰ চাৰ্ভাৰৰ মাডাৰবৰ্ডত ভাইৰাচজনিত চীপ লগোৱাৰ আদেশ দিছিল ৷

এনেধৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো দেশে স্পৰ্শকাতৰ নেটৱৰ্ক ব্যৱস্থাত বিদেশী সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বেইজিং প্ৰশাসনে চৰকাৰী ক্ৰয়-বিক্ৰয়ত মাইক্ৰচফট উইণ্ডজ, এপ'লৰ সামগ্ৰী, চিচকো আৰু চিমেণ্টেক আৰু কেচপাৰ্চকি লেব আদি সুৰক্ষাজনিত ছফটৱেৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ আনহাতে আমেৰিকাই চাইনীজ হোৱাই আৰু জেদ টি ই প্ৰযুক্তিৰ সামগ্ৰীৰ চৰকাৰী ঠিকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷

কিন্তু ভাৰতত আমি ঘৰুৱা উদ্যেগসমূহক উৎসাহিত কৰাৰ বাবে সামান্যহে কাম কৰিব পাৰিছো ৷ বি এছ এন এলে ব্যৱহাৰ কৰা 60 শতাংশতকৈ অধিক ছফটৱেৰ আৰু হাৰ্ডৱেৰৰ উৎস হৈছে হোৱাই বা জেদ টি ই ৷ 2014 চনত হোৱাৱিয়ে বি এছ এন এলৰ নেটৱৰ্ক হেক বাবে সন্মুখীন হোৱা তদন্তৰ পাছতো আজিও বহুল ৰূপত ব্যৱহৃত হোৱাৱি ৷ 2016 ত দ্য কোৱিণ্টত প্ৰকাশিত প্ৰতিবেদন মতে সেনাৰ যোগাযোগৰ বাবে ব্যৱহৃত প্ৰস্তাৱিত সঁজুলিত তথ্যৰ হৰলুকী কৰি চিচোকক সহায় কৰা হৈছিল ৷

আমি এই জটিল কথাটো উত্থাপন কৰা দৰকাৰ যে, ভাৰতত ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত চাইবাৰ আক্ৰমণ সংঘটিত কৰাৰ ক্ষেত্ৰত কোনটো সংস্থা অধিক পৰিমাণে দায়বদ্ধ আৰু দায়িত্ব গ্ৰহণ কৰিছে ? ইয়াৰ উত্তৰ অধিক ধূসৰ ৷ যদিহে ভাৰতৰ প্ৰতিৰক্ষা সংস্থাসমূহ দেশ ৰক্ষাৰ বাবে দায়বদ্ধ তেন্তে তেওঁলোকেও ভয়-ভীত ভাৱে আৰু আপত্তিজনকভাৱে ভয়াৱহ চাইবাৰ আশংকাৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিয়ক ৷ অৱশ্যে এতিয়া ভাৰতে চাইবাৰ প্ৰতিৰক্ষা সংস্থা গঠন কৰিছে কিন্তু ক্ষমতা আৰু আদেশৰ ক্ষেত্ৰত কোনো পৰিস্কাৰ নিৰ্দেশনা নাই ৷ এই বিষয়ত মাৰ্কিন চাইবাৰ কমাণ্ডসমূহৰ পৰা কিছু পৰামৰ্শ গ্ৰহণ কৰিলে যথেষ্ট লাভান্বিত হোৱাৰ থল আছে ৷ কাৰণ এই মাৰ্কিন সংস্থাসমূহৰ মূলমন্ত্ৰই হৈছে "সক্ষমতা বৃদ্ধি আৰু একত্ৰিতভাৱে চাইবাৰ আক্ৰমণক প্ৰত্যুত্তৰ দিয়া ৷"

ভাৰতৰ ডাটা সুৰক্ষা পৰিষদৰ প্ৰতিবেদন অনুসৰি, 2016 আৰু 2018 ৰ মাজৰ চাইবাৰ নিধি, ভাৰত হৈছে চাইবাৰ আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত দ্বিতীয়খন দেশ ৷ সংকটসমূহ কেৱল বৃদ্ধি পাব আৰু আমি তাক প্ৰতিহত কৰিবলৈ নীতি আৰু গাঁঠনি তৈয়াৰ কৰা উচিত যিয়েই আমাৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁঠনিসমূহৰ ওপৰত হোৱা চাইবাৰ আক্ৰমণৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে ৷

আৰু পঢ়ক মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ তিনিটা বছৰ !

Intro:Body:

CHAIRNMAN ARTICL;E

Conclusion:
Last Updated : Nov 9, 2019, 8:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.