ETV Bharat / bharat

চীন-নেপাল সন্দৰ্ভত আজি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jun 23, 2020, 5:02 PM IST

যোৱা 15 জুনত পূৱ লাডাখৰ গালৱান উপত্য়কাত চীনা সৈন্য়ৰ সৈতে হোৱা সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনাৰ শ্বহীদ হোৱা ঘটনা, ভাৰতীয় ভূখণ্ডত নেপালৰ নতুন মানচিত্ৰ অংকণ, দেশত কৰ'ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে নতুন দিল্লীত এক আলোচনাত মিলিত হয় কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য সকল ।

CWC to meet today to discuss stand-offs with China, Nepal

নতুন দিল্লী, 23 জুনঃ মঙলবাৰে নতুন দিল্লীত চীন আৰু নেপালৰ সৈতে গতিৰোধ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য় সকল ।

এই বৈঠকখন যোৱা 15 জুনত পূৱ লাডাখৰ গালৱান উপত্য়কাত চীনা সৈন্য়ৰ সৈতে হোৱা সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনাৰ শ্বহীদ হোৱা ঘটনা, ভাৰতীয় ভূখণ্ডত নেপালৰ নতুন মানচিত্ৰ অংকণ, দেশত কৰ'ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে নতুন দিল্লীত আয়োজন কৰা হয় ।

বিগত সপ্তাহত প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা সৰ্বদলীয় বৈঠকৰ পৰিপেক্ষিতেই আয়োজন কৰা হৈছে এই বৈঠক । দলটোৰ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ঘটনাটো দলৰ বাবে গ্ৰহণযোগ্য নহয় আৰু নেপালৰ সৈতে সম্পৰ্ক একেবাৰেই নিম্ন বুলি উল্লেখ কৰিছে ।

কংগ্ৰেছৰ মুখপাত্ৰ ৰনদ্বীপ সুৰজেৱালাই সোমবাৰে কৈছিল যে, এই বিষয়টোকলৈ কংগ্ৰেছ দলে চৰকাৰক যথোযপযুক্ত সমৰ্থন আগবঢ়াব । বৰ্তমানে ভাৰত আৰু চীন দুয়োটা পক্ষই কূটনৈতিক ভাৱে এই বিবাদ নিষ্পত্তি কৰাৰ চেষ্টা চলাই আছে ।

উল্লেখ্য যে, যোৱা 13 জুনত নেপালে সৰ্বসন্মতিক্ৰমে সংবিধান সংশোধন বিল গৃহীত কৰিছিল । য'ত জাতীয় প্ৰতীক আপডেট কৰি ৰাজনৈতিক প্ৰশাসনিক মানচিত্ৰক সংযুক্ত কৰাৰ পথ সুগম কৰি ভাৰতৰ কালাপানি, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চল অন্তৰ্ভুক্ত কৰিছিল ।

আনহাতে এই বৈঠকত ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পোৱা COVID-১৯ ৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতো আলোচনা কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.