নিউজ ডেস্ক, 22 ডিচেম্বৰ: 3 দশকৰ অন্তত নিয়োগ কৰা হ'ল কিউবাৰ নতুন প্ৰধানমন্ত্ৰী ৷ কিউবাৰ পৰ্যটন মন্ত্ৰী মেনুৱেল মেৰিঅ ক্ৰুজক নিয়োগ কৰা হৈছে কিউবাৰ প্ৰধানমন্ত্ৰী হিচাপে ৷ কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ কেনেলে 80 বছৰৰ পিছত নিয়োগ কৰে প্ৰধানমন্ত্ৰী গৰাকীক ৷
1976 চনৰ পৰাই দেশখনত ৰিক্ত হৈ আছিল প্ৰধানমন্ত্ৰীৰ পদটো ৷ নতুন সাংবিধানিক নীতিৰ অধীনত পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ পদটোৰ বাবে নিয়োগ কৰা হৈছে কিউবাৰ প্ৰাক্তন পৰ্যটন মন্ত্ৰীগৰাকীক ৷ এতিয়া ৰাষ্ট্ৰপতিৰ কিছু দ্বায়িত্ব গ্ৰহণ কৰিব নতুন প্ৰধানমন্ত্ৰী মেৰিঅ ক্ৰুজে ৷ কিউবাৰ ৰাষ্ট্ৰীয় সংসদত প্ৰতিনিধিসকলৰ সৰ্বসন্মতি ক্ৰমে নিয়োগ কৰা হয় নৱ প্ৰধানমন্ত্ৰী গৰাকীক ৷
কিউবাৰ পৰ্যটন মন্ত্ৰীৰ কাৰ্যকালত দেশখনৰ পৰ্যটন দিশটো বহু আগুৱাই লৈ গৈছে ক্ৰুজে ৷ তেওঁৰ দৰে এজন সক্ষম, সাধু আৰু একনিষ্ঠ লোকক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দি অতি গৌৰৱান্বিত বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজে ৷