ETV Bharat / bharat

কোভিড-19ৰ সন্ত্ৰাসৰ মাজতে পাকিস্তানে অব্যাহত ৰাখিছে অবৈধ অনুপ্ৰৱেশ - জম্মু-কাশ্মীৰ আৰক্ষী সঞ্চালকপ্ৰধান

সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে চুবুৰীয়া দেশ পাকিস্তানে ভাৰতক অশান্ত কৰি তুলিবলৈ সীমান্তৰ সীপাৰৰ পৰা অব্যাহত ৰাখিছে অবৈধ অনুপ্ৰৱেশ ৷ দিনে-দিনে যুদ্ধবিৰতি চুক্তি উলংঘণ কৰি সীমান্তত পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ উপৰিও সন্ত্ৰাসবাদী প্ৰেৰণ কৰি আহিছে ভাৰতলৈ ৷ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধানে এই কথা প্ৰকাশ কৰিছে ৷

পাকিস্তানে অব্যাহত ৰাখিছে অবৈধ অনুপ্ৰৱেশ

author img

By

Published : Apr 8, 2020, 8:56 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ নিয়ন্ত্ৰণ ৰেখাত হোৱা ভয়ংকৰ গুলীয়াগুলিত পাঁচজনকৈ ভাৰতীয় পেৰা কামাণ্ডো শ্বহীদ হোৱাৰ দুদিন পিচত জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধানে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে প্ৰকাশ কৰা অনুসৰি, কোভিড-19ৰ দৰে মহামাৰীৰ সৈতে বিশ্বই মোকাবিলা কৰি থকাৰ সময়টো পাকিস্তানে এইদৰে সীমান্তৰ সীপাৰৰ পৰা অবৈধভাৱে গুলীবৰ্ষণৰ ঘটনাৰ লগতে ভাৰতৰ ভূমিলৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ কৰাই আহিছে ৷

অৱশ্যে পাকিস্তানৰ এই নীতি ওফৰাই দিবলৈ জম্মু-কাশ্মীৰ আৰক্ষী, সেনা, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ লগতে নিৰাপত্তা আৰু সুৰক্ষা বাহিনীসমূহ সম্পূৰ্ণৰূপে সাজু আছে বুলি জনায় সিঙে ৷ ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভাৰ পিচতে এইদৰে মন্তব্য কৰে সিঙে ৷

সমান্তৰালকৈ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধেও জম্মু-কাশ্মীৰ আৰক্ষীয়ে নিজৰ যুঁজ অব্যাহত ৰাখিছে ৷ আৰক্ষীক এই যুঁজখনত অৰ্ধসামৰিক বাহিনীৰ লগতে সশস্ত্ৰ বাহিনীয়ে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই আহিছে ৷ জম্মু-কাশ্মীৰত যিসকল লোকে নিজৰ তথ্য গোপনীয় কৰি ৰাখিছে তেওঁলোকৰ পৰিচয় আৰু ভ্ৰমণৰ সবিশেষ বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

পাকিস্তানে অব্যাহত ৰাখিছে অবৈধ অনুপ্ৰৱেশ
পাকিস্তানে অব্যাহত ৰাখিছে অবৈধ অনুপ্ৰৱেশ

ইতিমধ্য়ে জম্মু-কাশ্মীৰ আৰক্ষীয়ে উধমপুৰত বহুকেইখন গাঁও সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে, যিকেইখন গাঁৱৰ পৰা যোৱা প্ৰতিনিধিয়ে নতুন দিল্লীৰ টবলিঘি জামাতত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ মাজৰ বহুকেইজনৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ৷ ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে আৰু এনে অৱস্থাত আৰক্ষীৰ লগতে স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.