ETV Bharat / bharat

আজৱ: ঘৰিয়ালেও বগাব পাৰে গছ - ঘৰিয়াল

ঘৰিয়ালৰ দৰে সৰীসৃপ প্ৰাণীয়ে গছত উঠিব পাৰে জানো ? এই প্ৰশ্নই নিশ্চয় দোমোজাৰ সৃষ্টি কৰিব বহুতৰে মনত ৷ জানিবলৈ চাওক এই প্ৰতিবেদন...

ঘৰিয়ালেও বগাব পাৰে গছ
ঘৰিয়ালেও বগাব পাৰে গছ
author img

By

Published : Aug 12, 2020, 7:05 PM IST

নেশ্যনেল ডেস্ক, 12 আগষ্ট: মেকুৰীয়ে গছত উঠা কাহিনী কম-বেছি পৰিমাণে সকলোৱে জানে ৷ কিন্তু ঘৰিয়াল গছত উঠাৰ বিষয়ে অজ্ঞ অধিকাংশ লোক ৷ ঘৰিয়ালৰ দৰে সৰীসৃপ প্ৰাণীয়ে গছত উঠিব পাৰে জানো ? এই প্ৰশ্নই নিশ্চয় দোমোজাৰ সৃষ্টি কৰিব বহুতৰে মনত ৷ টেলিভিছনৰ পৰ্দা নতুনা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি প্ৰায়েই দেখিবলৈ পাও ঘৰিয়ালৰ কাৰ্যকলাপ সমূহ ৷ ইয়াৰোপৰি চিৰিয়াখানা সমূহতো আমি সততে ঘৰিয়াল দেখিবলৈ পাও ৷ পানীৰ পৰা উঠি আহি ৰ'দ পুৱাই থকা দেখা যায় ঘৰিয়ালক ৷ কিন্তু কোনো ঘৰিয়াল আপোনাৰ চকুৰ সন্মুখতে গছৰ ওপৰত উঠি গ'ল, এনে দৃশ্য হয়তো নিশ্চয় দেখা নাই আপুনি ৷

এক সমীক্ষাত ঘৰিয়াল গছৰ ওপৰত উঠাৰ তথ্য পোহৰলৈ আহিছে ৷ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু উত্তৰ আমেৰিকাৰ প্ৰায় 6 প্ৰজাতিৰ ঘৰিয়ালৰ ওপৰত গৱেষণা চলাইছিল এটা গৱেষকৰ দলে ৷ তেওঁলোকেই পোহৰলৈ আনে এই তথ্য ৷ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ঘৰিয়ালে গছ বগাব পাৰে ৷ সেই গৱেষণাৰ পৰা জনা গৈছে মধ্যৰ পৰা প্ৰাপ্তবয়স্ক ঘৰিয়ালে গছৰ প্ৰায় 6 ফুট পৰ্যন্ত উচ্চতা বগাব পাৰে ৷ ইয়াৰ বিপৰীতে সৰু ঘৰিয়ালে 30 ফুট পৰ্যন্ত উচ্চতা বগাব পাৰে ৷ সকলো ঘৰিয়ালৰে তেজ সাধাৰণতে ঠাণ্ডা হয় ৷ সেয়ে গছৰ ওপৰত উঠি ৰ'দ পুৱাই শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ চেষ্টা কৰে সিহঁতে ৷

লগতে পঢ়ক: আজৱ: নৰমুণ্ড চিকাৰীৰে ভৰা এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.