নিউজ ডেস্ক, ১০ জুন : মহামাৰী কৰ'ণা ভাইৰাছ আৰু লক ডাউনৰ বাবে দেশৰ অৰ্থনীতি অনুৰূপ ধৰণে অৱনমিত হৈছে । আতিথ্য,পৰ্যটন আৰু বিমান ক্ষেত্ৰত যি ধৰণে ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বিত্তীয় সংকট দূৰ কৰিবলৈ ভাৰতবৰ্ষক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব ।

মঙলবাৰে চেম্বাৰ অফ কম্বাৰ্চ ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা আয়োজন কৰা এক বৈঠকত ষ্টে'ট বেংক অফ ইণ্ডিয়াৰ উপ ব্যৱস্থাপনা পৰিচালক গৰাকীয়ে জনাই যে,লক ডাউনৰ ফলত বেংক সমূহৰ চাহিদা বৃহৎ পৰিমাণত কমি গৈছে আৰু সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে ।
লগতে বিষয়া গৰাকীয়ে জনাই যে,বিমান সমূহৰ বেছিভাগেই বিনিয়োগ সংস্থা সমূহৰ পৰা লিজত লৈ কাম চলাই আছিল তেনেক্ষত্ৰত লেনদেনৰ সম্পৰ্কত বৰ্তমান যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । আনকি বৰ্তমান বিমান সংস্থা সমূহক ঋণ প্ৰদান কৰিবলৈ বিনিয়োগকাৰী সংস্থা সমূহ সক্ষম নহয় ।
আনহাতে পি এইচ ডি চেম্বাৰ অফ কম্বাৰ্চ ইণ্ডাষ্ট্ৰিৰ অধ্যক্ষ ডি কে আগৰাৱালাই জনোৱা অনুসৰি,কোভিড-১৯ৰ সময়ত ভাৰতৰ সকলো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে অশনি সংকেট নামি আহিছে । আৰু অনাগত সময়ত এই অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ ঠন ধৰি উঠিবলৈ বৃহৎ ধনৰ প্ৰয়োজন হ'ব ।
লগতে পঢ়ক : বিষাক্ত পোকে কামোৰাৰ ফলত মৃত্যু হৈছিল হিৰণ্য বৰুৱাৰ!