ETV Bharat / bharat

ক'অপাৰেটিভ বেংকৰ সংকটজনক অৱস্থা আৰু পৰিত্ৰাণৰ উপায়

author img

By

Published : Oct 25, 2019, 4:23 PM IST

সমবায় গাঠনিত পেচাদাৰী ব'ৰ্ড গঠন কৰা সম্ভৱ নহয় ৷ কিয়নো, সমবায় বেংকৰ সদস্যসকলে সঞ্চালক মণ্ডলী নিৰ্বাচিত কৰে তথা প্ৰায় ভাগ ক্ষেত্ৰতে এনেবোৰ বিষয়ত ৰাজনীতিবিদে নিয়ন্ত্ৰণ কৰে ৷ বিভিন্ন ৰাজ্যত বিত্তীয় খণ্ডৰ ৰাজনৈতিক নিয়ন্ত্ৰণে ৰাজনৈতিক উদ্দেশ্য সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ঋণ অথবা চাকৰিৰ ক্ষেত্ৰত প্ৰত্যক্ষ হস্তক্ষেপ দেখা যায় ৷

ক'অপাৰেটিভ বেংকৰ সংকট

নিউজ ডেস্ক, 25 অক্টোবৰ : পাঞ্জাৱ আৰু মহাৰাষ্ট্ৰ ক'অপাৰেটিভ বেংক (PMC)ৰ বিত্তীয় কেলেংকাৰীয়ে সমবায় বেংক ব্যৱস্থাৰ কাৰ্য পদ্ধতিক লৈ শেহতীয়াভাৱে দেশবাসীৰ চকু কঁপালত তোলা ঘটনা সংঘটিত কৰিছে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে ইতিমধ্যে বেংকটোৰ ধনৰ লেনদেনত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বিগত কেই সপ্তাহমানত শেহতীয়া পৰিস্থিতিৰ বাবে বেংকটোৰ গ্ৰাহকসকলৰ মাজত তীব্ৰ উদ্বিগ্নতা বিৰাজ কৰাৰ লগতে ইতিমধ্যে চাৰিজনকৈ বিনিয়োগকাৰী মৃত্যুমুখত পৰিছে ৷ RBIয়ে এনে পৰিস্থিতিত জনসাধাৰণক পতিয়ন নিয়াবলৈ বিবৃতি দিছে যে, ভাৰতীয় বেংকিং সেৱা নিৰাপদ আৰু সুস্থিৰ হৈ আছে তথা ইয়াক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই ৷ এই ক্ষেত্ৰত দেশৰ বিত্তীয় খণ্ডৰ অৱস্থা আৰু জনসাধাৰণৰ মাজত আস্থা সম্পৰ্কত এনেবোৰ বেংকৰ ভৱিষ্যৎ তথা প্ৰত্যাহ্বানসমূহ আলোকপাত কৰাৰ বাবে প্ৰয়োজন আহি পৰিছে ৷

শেহতীয়া স্থিতি আৰু প্ৰত্যাহ্বানসমূহ :

বিশেষকৈ বেংকিং সেৱাৰ সৈতে জড়িত নথকা জনসাধাৰণৰ মাজত ঋণ ব্যৱস্থাৰ গুৰুত্ব সমবায় প্ৰতিষ্ঠানসমূহে পালন কৰি আহিছে ৷ 19 শতিকাৰ পৰাই আৰম্ভ হোৱা ভাৰতীয় সমবায় আন্দোলনে গ্ৰামাঞ্চলত ব্যক্তিগত ঋণদাতাৰ আগ্ৰাসনৰ বিকল্প হিচাপে এক ব্যৱস্থাৰূপে পৰিগণিত হৈছে ৷ প্ৰকৃততে সমবায় বেংকসমূহ ক্ষুদ্ৰ ব্যৱসায়ী আৰু ঋণ গ্ৰহণ কৰা লোকৰ উপৰিও সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ আশাৰ কেন্দ্ৰবিন্দু হিচাপে থিয় দিছে ৷ এনেবোৰ বেংকত জমাকাৰীসকলে ব্যক্তিগত গুৰুত্ব আৰু অধিক হাৰৰ সূদৰ বাবে আকৃষ্ট হৈ আহিছে ৷ সম্প্ৰতি সমবায় ব্যৱস্থাটো 1,551 টা নগৰীয়া সমবায় বেংক আৰু 96,612 গ্ৰাম্য সমবায়ক 2018 চনৰ পৰাই সামৰি লৈছে ৷ গ্ৰামাঞ্চলত গ্ৰামীন সমবায় আৰু সৰু সৰু চহৰক সামৰি লোৱাৰ বিপৰীতে নগৰীয়া সমবায় বেংকে চহৰ আৰু ইয়াৰ উপকন্ঠীয় অঞ্চলক সামৰি লৈছে ৷ উল্লেখ্য যে,বেংকিং খণ্ডৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ দৰে সমবায় বেংকে সম পৰিমাণৰ অগ্ৰগতি লাভ কৰিব পৰা নাই ৷ ফলত 2017 চনৰ তথ্য অনুসৰি,বাণিজ্যিক বেংকসমূহৰ সম্পত্তিৰ পৰিমাণৰ তুলনাত কেৱল 11 শতাংশহে আহৰণ কৰিবলৈ সক্ষম হৈছে ৷ 2017-18 বৰ্ষৰ RBI ৰ প্ৰতিবেদন অনুসৰি, ভাৰতবৰ্ষত সমবায় বেংকৰ এই স্থিতি পোহৰলৈ আহিছে ৷ গ্ৰাম্য সমবায়ৰ ক্ষেত্ৰত তেওঁলোকৰ লাভালাভ আৰু গুণগত চাহিদাৰ ওপৰত পাৰদৰ্শিতা নিৰ্ভৰ কৰে ৷ ৰাজ্যিক সমবায় বেংকসমূহে অপাৰদৰ্শী সম্পদ আৰু লাভাংশৰ অনুপাত ব্যৱধান উন্নত কৰিছে যদিও জিলা পৰ্যায়ৰ কেন্দ্ৰীয় সমবায় বেংকসমূহৰ ক্ষেত্ৰত এই তুলনামূলক ব্যৱধান অৱনমিত হোৱা দেখা যায় ৷ কৃষিখণ্ডত দীৰ্ঘম্যাদী বিনিয়োগৰ ক্ষেত্ৰত সমবায় বেংকৰ বিত্তীয় পাৰদৰ্শিতা মুঠেই সন্তোষজনক নহয় আৰু ইয়াৰ ক্ৰমাৎ অৱনতিহে ঘটিছে ৷

নগৰীয়া সমবায় বেংকসমূহৰ ক্ষেত্ৰত RBIয়ে আগবঢ়োৱা তথ্যই দেখুৱাইছে যে,যদিও বেংকৰ সম্পদৰাজিৰ গুণগত মানৰ অগ্ৰগতি হ'লেও সামগ্ৰিকভাৱে ইয়াৰ লাভালাভ যথেষ্ট নমনীয় ৷ মন কৰিবলগীয়া যে,1,551টা বেংকৰ ভিতৰত 26 টা বেংক নিয়ামকৰ অধীনস্থ আৰু 46 টা বেংকৰ পাৰদৰ্শিতা নেতিবাচক ৷ এনেবোৰ চহৰীয়া বেংকৰ মাজত সংঘটিত হৈছে বিত্তীয় কেলেংকাৰী ৷ তাৰে ভিতৰত অন্যতম উদাহৰণ হৈছে গুজৰাটৰ মাধৱপুৰ ক'অপাৰেটিভ বেংক ৷ 2001 চনত এই বেংকটোৱে ষ্ট'ক বজাৰৰ দালাল কেতন মেহতাক ঋণ দি বৃহৎ সম্পত্তিৰ অংশীদাৰ হৈ বিপাঙত পৰিছিল ৷ একেদৰে,শেহতীয়া PMCৰ সমস্যাৰ ক্ষেত্ৰত তিনিটা প্ৰধান সমস্যা হৈছে (ক) বিত্তীয় অনিয়মিতা, (খ) আভ্যন্তৰীণ নিয়ন্ত্ৰণহীন ব্যৱস্থা, (গ) ভুল তথ্যৰে পৰিচালিত হোৱা ৷ এয়া সৰ্বজনবিদিত যে, PMC য়ে HDIL(Housing Development and Infrustructure Limited) ক 73 শতাংশ সম্পদ আগবঢ়াইছিল ৷ বেংকটোৱে RBI ৰ নিৰীক্ষণৰ পৰা পৰিত্ৰাণ পাবলৈ 21,000 একাউন্ট ব্যৱহাৰ কৰিছিল ৷ ভুৱা একাউন্টেৰে এটা নিৰ্মাণ প্ৰতিষ্ঠানক এনেদৰে সহায় আগবঢ়াবলৈ যোৱা ঘটনাই বৃহৎ কেলেংকাৰীৰ সৃষ্টি কৰিছে ৷

1966ত সমবায় বেংকসমূহ প্ৰত্যক্ষভাৱে RBI ৰ অধীনলৈ আহে যদিও দ্বৈত নিয়ামকৰ বাবে ই সমস্যাৰ সন্মুখীন হয় ৷ উল্লেখ্য যে, নগৰীয়া ক'অপাৰেটিভ বেংকসমূহ RBI ৰ অধীনৰ হোৱাৰ উপৰিও ৰাজ্যিক সমবায় পঞ্জীয়কৰ নিৰীক্ষণতো আছে ৷ লগতে সমবায় পঞ্জীয়কসমূহৰ নিয়ন্ত্ৰণত নাথাকে বেংকৰ ব্যৱস্থাপক মণ্ডলী আৰু ইয়াৰ প্ৰশাসনিক তথা অভিলেখাগাৰ ৷ ইপিনে,RBI ৰ নিৰীক্ষণৰ ভিতৰত সকলো ধৰণৰ নিয়ামক যেনে, অনুজ্ঞাপত্ৰ, নগদ জমা, বাধ্যতামূলক জমা ধনৰ অনুপাত আৰু বেংকসমূহৰ পৰিদৰ্শন আদি অন্তৰ্নিহিত হৈ থাকে ৷ কিন্তু এইটোও এটা ধাৰণা যে, ক'অপাৰেটিভ বেংকৰ ওপৰত RBI ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ নাথাকে যিদৰে ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ ওপৰত নিয়ন্ত্ৰণ থাকে ৷

1993-2004ত RBI য়ে নগৰীয়া ক'অপাৰেটিভ বেংকৰ অনুজ্ঞা নীতিৰ ওপৰত নিয়ম বলৱৎ কৰাত বেংকসমূহৰ সংখ্যা বৃদ্ধি পাইছিল ৷ একেসময়তে এই খণ্ডটোত দেখা দিয়া সমস্যা বৃদ্ধি পোৱাত RBI য়ে নতুন নীতিৰে বেংকসমূহৰ একত্ৰীকৰণ তথা অপাৰদৰ্শী সকলক বন্ধ কৰাৰ নীতি গ্ৰহণ কৰে ৷ RBI য়ে নিয়ামক আইনৰ অধীনত নিৰীক্ষণ কৰিলে যদিও দুৰ্বল প্ৰশাসন আৰু অপেচাদাৰী তথা প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰৰ অভাৱে সমস্যা অধিক গভীৰ কৰি তুলে ৷ ইপিনে,বাণিজ্যিক বেংকসমূহৰ প্ৰযুক্তিগতকৰণ আৰু ইয়াৰ প্ৰসাৰকৰণে সমবায় বেংকৰ ভূমিকা হ্ৰাস কৰিলে ৷ একেদৰে,সমবায় বেংকে প্ৰতিযোগিতাৰ বজাৰত সমস্যাৰ সন্মুখীন হ'ল তথা মূলধনৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাই গা কৰি উঠিলে ৷ কিয়নো সমবায় বেংকে শ্বেয়াৰ বজাৰত অংশীদাৰত্বৰে সম্পদৰাজি বৃদ্ধি কৰাত অপাৰগ ৷

সমবায় গাঁঠনিত পেচাদাৰী ব'ৰ্ড গঠন কৰা সম্ভৱ নহয় ৷ কিয়নো,সমবায় বেংকৰ সদস্যসকলে সঞ্চালক মণ্ডলী নিৰ্বাচিত কৰে তথা প্ৰায় ভাগ ক্ষেত্ৰতে এনেবোৰ বিষয়ত ৰাজনীতিবিদে নিয়ন্ত্ৰণ কৰে ৷ বিভিন্ন ৰাজ্যত বিত্তীয় খণ্ডৰ ৰাজনৈতিক নিয়ন্ত্ৰণে ৰাজনৈতিক উদ্দেশ্য সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ঋণ অথবা চাকৰিৰ ক্ষেত্ৰত প্ৰত্যক্ষ হস্তক্ষেপ দেখা যায় ৷

ভৱিষ্যৎ পন্থা কি?

সমবায় বেংকসমূহৰ অংশীদাৰ আৰু বিনিয়োগকাৰী সকলৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবলৈ হ'লে বেংকৰ নিয়ামক আৰু প্ৰশাসন ব্যৱস্থাটোৰ পৰ্যালোচনা কৰাটো আৱশ্যকতা আছে ৷ সাম্প্ৰতিক অনিশ্চয়তাৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে RBI ৰ নিয়ামক আৰু চৰকাৰে সমবায় বেংকৰ বৰ্তমান স্থিতি পুনৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে ৷ কিছুমান ক'অপাৰেটিভ বেংকৰ প্ৰশাসন ব্যৱস্থাটো ভাঙি গৈছে বুলি এটা ধাৰণাৰ সৃষ্টি হৈছে ৷ এনে দুৰ্বল অৱস্থাৰ বাবে বেংকৰ পৰিচালন মণ্ডলী, হিচাপ ৰক্ষক আৰু ব্যৱস্থাপনা তথা নিয়ামকেই দায়ী ৷ এই ক্ষেত্ৰত আস্থা বৃদ্ধিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক হৈ পৰিছে ৷

যদিও RBI য়ে ৰাজ্য চৰকাৰৰ লগত বুজাপৰাৰ চুক্তি কৰিছে, এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুমতি অথবা সহযোগিতা অবিহনে সমবায় বেংকৰ ওপৰত ফলপ্ৰসূ নিৰীক্ষণ সম্ভৱ নহ'ব ৷ RBI য়ে সমবায় ক্ষেত্ৰখনৰ কাণ্ডাৰীসকলক অধিক পেচাদাৰী হিচাপে কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ৷ H. MALEGAM ৰ নেতৃত্বত গঠিত সংস্কাৰমূলক কমিটি এখনে এইবুলি পৰামৰ্শ আগবঢ়াইছিল যে,সমবায় বেংকৰ সঞ্চালক মণ্ডলীৰ উপৰিও উপযুক্ত আৰু দক্ষ ব্যক্তিৰ দ্বাৰা এখন পৰিচালন মণ্ডলী গঠন কৰিব লাগে,যাৰ বিৰোধিতা কৰা হৈছিল ৷ এই ক্ষেত্ৰত সঞ্চালক নিৰ্বাচনৰ সময়ত ক্ষেত্ৰখনৰ বিশেষ দক্ষতা থকা পেচাদাৰী লোক বাচনি কৰাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হৈছিল ৷

2018 চনত R.GANDHI ৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শ অনুসৰি RBI য়ে নগৰীয়া ক'অপাৰেটিভ বেংকসমূহক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ বাবে আঁচনি ঘোষণা কৰিছিল যিয়ে বাণিজ্যিক বেংকে লাভ কৰা সা-সুবিধাৰ দৰে সমবায় বেংকসমূহকো সম পৰ্যায়ৰ কৰি তুলিলেহেতেন ৷ নগৰীয়া সমবায় বেংকৰ এনে স্বয়ং পৰিৱৰ্তনৰ বাবে ন্যূনতম অৰ্হতা 50 কোটিৰ সম্পত্তিৰ অধিকাৰী হ'ব লাগিব ৷ কিন্তু এই বিষয়টোৰ ক্ষেত্ৰটো সমবায় বেংক খণ্ডৰ পৰা বিৰোধিতা কৰা হ'ল ৷ RBI য়ে সমবায় বেংক খণ্ডটোৰ বিকাশৰ বাবে নগৰীয়া সমবায় বেংকসমূহে এখন উপযুক্ত পৰিচালন মণ্ডলী গঠন কৰি ক্ষুদ্ৰ বিত্তীয় বেংক প্ৰতিষ্ঠানলৈ পৰিণত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ৷ RBIয়ে লগতে কৈছিল, ক'অপাৰেটিভ বেংকসমূহৰ সমূহীয়া এক ব্যৱস্থাপনাই ষ্ট'ক বজাৰত উমৈহতীয়াভাৱে প্ৰৱেশ কৰি মূলধন বৃদ্ধিৰ ব্যৱস্থা ল'ব পাৰিলেহেতেন ৷ এই ক্ষেত্ৰত দুৰ্বল বেংকসমূহক শক্তিশালী বেংকৰ সৈতে একত্ৰীকৰণ কৰিবও পৰা যায় ৷ প্ৰযুক্তিৰ ব্যৱহাৰেৰে এনেবোৰ বেংকক বজাৰৰ সৈতে প্ৰতিযোগিতাত নামিবলৈও উদগনি যোগালেহেতেন ৷

তেনে এক ব্যৱস্থাত আমি অন্য ক'অপাৰেটিভ বেংকৰ অংশীদাৰিত্ব আশা কৰিব পাৰো ৷ অৱশ্যে বৃহৎ নগৰীয়া সমবায় বেংকৰ এনে ব্যৱস্থাত অন্য সমবায় বেংকে সহযোগ কৰিবনে নাই সেয়াও পৰ্যালোচনা কৰাৰ সময় আহিছে ৷ এই ক্ষেত্ৰত বৃহৎ সমবায় বেংকত জমা ধনৰ বিষয়টোও লক্ষণীয় ৷ বিনিয়োগকাৰীৰ স্বাৰ্থ আৰু বিত্তীয় সূচল অৱস্থাটোৰ বাবে বৰ্তমান সময়ত নগৰীয়া সমবায় বেংকৰ নীতিৰ পৰ্যালোচনাৰ প্ৰয়োজন আহি পৰিছে ৷

ভাৰতীয় বেংকিং ব্যৱস্থাত বিনিয়োগৰ বীমাধন এক অন্যতম বিষয়বস্তু ৷ সম্প্ৰতি বিনিয়োগকাৰীৰ ধনৰ বীমা মূল্য 1 লাখ টকা বুলি DICGC (Deposit Insurance and Credit Guarantee Corporation) য়ে নিৰ্ধাৰণ কৰিছে ৷ এই ক্ষেত্ৰতো বিষয়বস্তুৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু,বিনিয়োগৰ বীমা মূল্য বৃদ্ধি কৰাটোয়ে সমস্যাৰ সমাধান নকৰে ৷ ভাৰতত পূৰ্বৰ ইতিহাসে প্ৰমাণ কৰিছে যে, সংকটৰ গৰাহত পৰা বেংকসমূহৰ বীমা মূল্যৰ ধন আহৰণত যথেষ্ট বাধাৰ সন্মুখীন হোৱা দেখা গৈছে ৷ এই ক্ষেত্ৰত RBI আৰু চৰকাৰে ক্ষীপ্ৰ বীমা নিষ্পত্তিৰ ব্যৱস্থা কৰা উচিত ৷ চৰকাৰে বেংকৰ জমাধনৰ বীমাকৰণৰ বিষয়টোক পুনৰীক্ষণ কৰি আছে বুলি জনা যায় ৷ বেংকৰ ব্যৰ্থতাৰ ক্ষেত্ৰত বিনিয়োগকাৰী সকলৰ এই সমস্যাটো কিদৰে সমাধান হ'ব তাৰ আলোচনাৰ প্ৰয়োজন আছে ৷ মুঠ কথাত ক্ষতিগ্ৰস্ত বেংকসমূহৰ এনেবোৰ সমস্যা শীঘ্ৰে সমাধান হ'ব লাগে যাতে বিনিয়োগকাৰী সকলে তেওঁলোকৰ জমাধন সোনকালেই ঘূৰাই পায় ৷

শেষত সমবায় বেংকত সংঘটিত শেহতীয়া ঘটনাক্ৰমে এটা সামগ্ৰিক আন্তগাঁঠনি প্ৰস্তুতিৰ বাবে সুবৰ্ণ সুযোগ প্ৰদান কৰিছে কিয়নো সাধাৰণ মানুহৰ জমাধন সুৰক্ষিত কৰাৰ বাবে ভাৰতত এক কঠোৰ তথা প্ৰভাৱশালী অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজন আছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে কৈছে যে,এই ক্ষেত্ৰত এক বলিষ্ঠ নিয়ামকৰ প্ৰয়োজনৰ বাবে বিধায়িনী সংশোধনী বিধেয়ক অনাৰ বাবেও পৰ্যালোচনা কৰিব ৷ তেওঁ ইতিমধ্যে সমবায় বেংক খণ্ডৰ বিষয়টো লৈ বিত্ত মন্ত্ৰণালয়ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে ৷ বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰয়োজনীয় সংশোধনী বিধেয়কৰ ওপৰতো পৰ্যালোচনা চলাব ৷ যদি সেয়া হয় PMC ৰ সংকটে এক উজ্জল ভৱিষ্যতৰ সঞ্চাৰ কৰিব ৷ যদি RBI আৰু চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হয় তেনেহ'লে সমবায় বেংকৰ গ্ৰাহকসকলৰ মাজলৈ আস্থা উভতি আহিব ৷

- এছ. মহেন্দ্ৰ দেৱ (উপাচাৰ্য - IGIDR মুম্বাই)

ATTN PARI
---------- Forwarded message ---------
From: Verghese P <verghese.p@etvbharat.com>
Date: Fri, Oct 25, 2019 at 11:42 AM
Subject: Fwd: Translation
To: Vishwanath Suman <vishwanath.suman@etvbharat.com>, PRABHA PANDEY <prabha.pandey@etvbharat.com>, Shailendra Kanth <shailendra.kanth@etvbharat.com>, Sunil Kumar <sunil.kumar@etvbharat.com>, Rajeev Kumar <rajeev.kumar@etvbharat.com>, RAJEEV SINGH <rajeev.singh@etvbharat.com>, SUJEET KUMAR JHA <sujeetkumar.jha@etvbharat.com>, Gurminder singh samad <gurminder.samad@etvbharat.com>, Rajesh Kumar <rajeskumar07@gmail.com>, Verghese P <verghese.p@etvbharat.com>, Akhilesh Solanki <akhilesh.solanki@etvbharat.com>, Aziz Ahamed <aziz.ahamed@etvbharat.com>, Vikas Kaushik <vikas.kaushik@etvbharat.com>, Hitesh Vyas <hitesh.vyas@etvbharat.com>, SHIVANGI SINGH <shivangi.singh@etvbharat.com>, Shams Naqui <shams.naqui@etv.co.in>, Sanjay Tripathi <sanjay.tripathi@etvbharat.com>, Dilip Khilrani <dilip.khilrani@etvbharat.com>, SUNIL KUMAR <sunilkumar@etvbharat.com>, Rajesh walia <rajesh.walia@etvbharat.com>, Firdaus Mistri <firdaus.mistri@etvbharat.com>, Dipankar Choudhury <dipankar.c@etv.co.in>, SALAHUDDIN ZAIN <salahuddin.zain@etvbharat.com>, Khursheed Wani <khursheed.wani@etvbharat.com>, Ravi S <ravi.s@etvbharat.com>, Vijay Lad <vijay.lad@etvbharat.com>, Manoj Joshi <manoj.joshi@etvbharat.com>, BISWANATH PRAHARAJ RAJAGURU <rajguru.bp@etvbharat.com>, SARADA LAHANGIR <sarada.lahangir@etvbharat.com>, MNV Prasad <prasad.mnv@etvbharat.com>, Rangarao V <rangarao.v@etv.co.in>, Raja DM <raja.dm@etvbharat.com>, Prince Jebakumar <prince.kumar@etvbharat.com>, Rajesh R <rajesh.r@etvbharat.com>, PraveenKumar K <praveenkumar.k@etvbharat.com>, Chitra P <chitra.p@etvbharat.com>, NARESH J DAVE <nareshdave@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Shravankumar N <shravankumar.n@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Vihar V <vihar.v@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, <nageswararao.gv@etv.co.in>, Bangla Desk <bangladesk@etvbharat.com>

---------- Forwarded message ---------
From: Rajendra N <rajendra.n@etv.co.in>
Date: Fri, Oct 25, 2019 at 10:39 AM
Subject: Fwd: Translation
To: Nishant Sharma <nishant.sharma@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Verghese P <verghese.p@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, Npg npg <npg@etv.co.in>, Shravankumar N <shravankumar.n@etvbharat.com>, ETV Bharat National <nationalhindidesk@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Prasenjit Singh <prasenjit.singh@etv.co.in>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>

This is  Chairman sir suggested article published in Eenadu pl.
publish accordingly.
"Innovative ways for uplifting the poor Abhijeet   Dufflo
Investigations   Practical Approaches"
regards
Rajendra
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.