ETV Bharat / bharat

দেশে দেশে আৰম্ভ হৈছে গণ সংক্ৰমণ:আইএমএ

দেওবাৰৰ দিনটোত সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে 38,902 গৰাকী ব্যক্তি ৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন চমুকৈ আইএমএ-য়ে সমগ্ৰ বিশ্বৰে দেশসমূহত এতিয়া কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণে গ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে ৷ লগতে পৰিস্থিতি উন্নত হোৱাৰ পৰিৱৰ্তে অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে ৷

covid situation looks bad as community spread has started in india:ima Etv Bharat news
কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ
author img

By

Published : Jul 19, 2020, 4:13 PM IST

নতুন দিল্লী,19 জুলাই: ধাৰাবাহিকভাৱে সমগ্ৰ বিশ্বত অব্যাহত আছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াভাৱে এই আক্ৰান্তৰ সংখ্যাই গড় হিচাপত 34,000 ৰ অংক স্পৰ্শ কৰিছে ৷ দেওবাৰৰ দিনটোত সমগ্ৰ বিশ্বত ভাইৰাছবিধত নতুনকৈ আক্ৰান্ত হৈছে 38,902 গৰাকী ব্যক্তি ৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন চমুকৈ আইএমএ-য়ে সমগ্ৰ বিশ্বৰে দেশসমূহত এতিয়া কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণে গ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে ৷ লগতে পৰিস্থিতি উন্নত হোৱাৰ পৰিৱৰ্তে অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে ৷ সাম্প্ৰতিক সময়ত ন ন অঞ্চলত কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণে প্ৰভাৱ বিস্তাৰ কৰিছে ৷ বিষয়টো গভীৰভাৱে পৰ্যবেক্ষণ কৰি কেৰালা চৰকাৰে ৰাজ্যখনত গণ সংক্ৰমণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে ৷ ৰাজ্যখনৰ ৰাজধানী চহৰ থিৰুৱনন্তপুৰমত এই কথা প্ৰকাশ কৰে চৰকাৰী সূত্ৰটোৱে ৷

কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ সন্দৰ্ভত আইএমএ ৰ অধ্যক্ষ ডঃ ভি কে মংগাই সময়ৰ লগে লগে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে ৷ মংগাৰ মন্তব্য অনুসৰি প্ৰতিদিনে প্ৰায় 30 হাজাৰ লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সমান্তৰালকৈ বিশ্বৰ পৰিস্থিতি অৱনতিৰ দিশে ধাৱমান হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে এই পৰ্যন্ত গণ সংক্ৰমণৰ বিষয়ে স্বীকাৰ কৰা নাই যদিও এইক্ষেত্ৰত শীৰ্ষস্থানত থকা আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে স্থান লাভ কৰিছে ভাৰতে ৷ ভি কে মংগাই কয় যে, দেশৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ৷ দিল্লীত বৰ্তমান এই সংক্ৰমণৰ মাত্ৰা কিছু ৰোধ কৰিব পৰা গৈছে যদিও মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, গোৱা আৰু মধ্য প্ৰদেশত এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷

লগতে চাওকঃ ৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.