ETV Bharat / bharat

ভাৰত-বাংলাদেশৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ লোকক সহায় কৰিব গ্ৰেটা থানবাৰ্গে - ক্ষতিগ্ৰস্থ হোৱা লোক

ভাৰত আৰু বাংলাদেশৰ বানপীড়িত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে জলবায়ু কৰ্মী Greta Thunberg য়ে ৷ শেহতীয়াকৈ টুইটযোগে এই কথা প্ৰকাশ কৰিছে কৰ্মী গৰাকীয়ে ৷

author img

By

Published : Aug 4, 2020, 9:38 PM IST

Updated : Aug 4, 2020, 11:55 PM IST

নিউজ ডেস্ক, 4 আগষ্ট : ক'ভিড-19 ৰ সমান্তৰালভাবে বানপানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ একমাত্ৰ বানপানীয়ে নহয় সময়ে সময়ে বিভিন্ন ধৰণৰ জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগে প্ৰভাৱিত কৰি আহিছে অসম, উত্তৰ-পূৰ্বাঞ্চল তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক ৷

শেহতীয়াকৈ, ভাৰত তথা বাংলাদেশৰ জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ হোৱা লোকক সহায়ৰ হাত আগবঢ়াইছে Greta Thunberg নামৰ জলবায়ু কৰ্মী গৰাকীয়ে ৷ শেহতীয়াকৈ টুইটযোগে এই কথা প্ৰকাশ কৰিছে Greta Thunberg য়ে ৷ দুয়োখন ৰাষ্ট্ৰৰ বানপীড়িত লোকক সহায়ৰ বাবে BRAC, Goojn, Action নামৰ সংগঠন কেইটাক এই অনুদান প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰিছে জলবায়ু কৰ্মী গৰাকীয়ে ৷ দুয়োখন ৰাষ্ট্ৰক জলবায়ু কৰ্মী Greta Thunberg য়ে 88,25,000 লাখ টকাৰ অনুদান আগবঢ়াইছে ৷

  • The situation in Bangladesh and parts of India is still catastrophic. If you have the possibility, please consider donating to the flood relief. Even the smallest amount makes a difference. https://t.co/TLTXgf8Txq

    — Greta Thunberg (@GretaThunberg) July 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বানপানীয়ে অসমৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশকো প্ৰভাৱিত কৰিছে ৷ বৰ্তমানলৈ অসমত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 110 গৰাকীলৈ বৃদ্ধি হৈছে ৷ যাৰবাবে কম বয়সীয়া জলবায়ু কৰ্মী গৰাকীয়ে এই অনুদান আগবঢ়াইছে ৰাষ্ট্ৰ দুখনলৈ ৷ আনহাতে, সময়ে সময়ে জলবায়ু কৰ্মী Greta Thunberg য়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুকলৈ যোৰহাটত প্ৰতিবাদ

Last Updated : Aug 4, 2020, 11:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.