ETV Bharat / bharat

৪ বছৰ পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি চলা এখন গাঁও !

author img

By

Published : Apr 18, 2020, 11:43 AM IST

COVID-১৯ মহামাৰীৰ মাজতেই চৰ্চালৈ আহিছে এখন গাঁও । পোহৰলৈ আহিছে ৪ বছৰ পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি অহাৰ কথা । ক'ত আছে এইখন গাঁও, চাওক আমাৰ এই প্ৰতিবেদনত ।

COVID-19: Village in Bihar practises social distancing from 4 years

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ দেশত এতিয়া কৰ'ণা ভাইৰাছৰ বিভীষিকা । এই মহামাৰী প্ৰতিৰোধৰ বাবে দেশত ঘোষণা কৰা হৈছে লক ডাউন । সামাজিক দুৰত্ব এই ৰোগৰ সংক্ৰমণ ৰোধৰ এক অন্যতম মুখ্য় পন্থা বুলি গণ্য কৰা হৈছে ।

সামাজিক দুৰত্ব, লক ডাউন, COVID-১৯ ৰ মহামাৰী মাজতেই চৰ্চালৈ আহিছে বিহাৰৰ এখন গাঁও । বিহাৰৰ দেৱানগঞ্জ মহলদাৰ নামৰ গাঁওখনত যোৱা ৪ বছৰৰ পৰাই সামাজিক দুৰত্ব পালন কৰি অহাৰ কথা জানিব পৰা গৈছে ।

আচলতে চাৰি বছৰ পূৰ্বে গাঁওখনত এক মহামাৰীয়ে দেখা দিছিল । কাথিয়াৰ-পূৰ্ণিয়া সীমান্তত থকা গাঁওখনত সৰু আই (Smallpox) আৰু চৰ্ম ৰোগ হোৱাৰ হোৱাৰ পৰাই বিগত চাৰিটা বছৰে সামাজিক দুৰত্ব মানি অহা হৈছে ।

গাঁওখনৰ প্ৰাক্তন চৰপঞ্জ আনচাৰী প্ৰসাদ শ্বাহে কয়,গাঁওখনত সৰু আই আৰু চৰ্ম ৰোগে এটা সময়ত বিভীষিকাৰ সৃষ্টি কৰিছিল । গাঁওখনৰ সকলো লোক এই মহামাৰীৰ কবলত পৰিছিল । বহু শিশুৰ মৃত্যু হৈছিল এই ৰোগত । এই ঘটনাটো সংসদ পৰ্যন্ত উত্থাপন হৈছিল বুলি উল্লেখ কৰে ।

পিচত বিশ্ব স্বাস্থ্য সংস্থাই গাওঁৱাসীক পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ নিৰ্দেশ দিছিল । তেতিয়াৰ পৰাই গাঁওখনত সকলো লোকে সামাজিক দুৰত্ব পালন কৰাৰ লগতে পৰিস্কাৰ-স্বচ্ছতা বজাই ৰাখিছে ।

লগতে চাওক-অনিৰ্দিষ্ট কাললৈ স্থগিত আইপিএল-১৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.