ETV Bharat / bharat

ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত কৰ'ণা আৰোগ্য়ৰ সংখ্যা ৬০.৭৭ শতাংশঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

author img

By

Published : Jul 6, 2020, 4:10 PM IST

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত বৰ্তমান পৰ্যন্ত ৬০.৭৭ শতাংশ লোক কৰ'ণাৰ পৰা আৰোগ্য হৈ উঠিছে । লগতে বিগত ২৪ ঘণ্টাত ১৪,৮৫৬ গৰাকী লোক ভাৰতত কৰ'ণা মুক্ত হৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

নিউজ ডেস্ক, ৬ জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে সদৰি কৰে যে, দিল্লী, গুজৰাট আৰু উত্তৰপ্ৰদেশ সহিতে ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মহামাৰী COVID-19ত পৰা আৰোগ্য হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৬০.৭৭ শতাংশ । তাৰোপৰি কৰ'ণা আক্ৰান্ত হৈ বৰ্তমান পৰ্যন্ত মৃত্যু হৈছে ১৯.২৬৮ গৰাকী লোকৰ ।

আনহাতে, বৰ্তমান পৰ্যন্ত ৪,০৯০৮২ গৰাকী ব্যক্তি কৰ'ণা মুক্ত হৈ উঠিছে । তথ্য অনুসৰি, ভাৰতৰ সাতখন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, তেলেংগানা, কৰ্ণাটক, অসমত এদিনত ৭৮ শতাংশৈ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই । লগতে বিগত ২৪ ঘণ্টাত ১৪,৮৫৬ গৰাকী লোক আৰোগ্য হৈ উঠিছে বুলিও সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

উল্লেখ্য যে, ভাৰতত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত কৰ'ণা আৰোগ্য হৈ উঠা সংখ্যা হৈছে এনেধৰণৰ - চণ্ডীগড় (৮৫.৮ শতাংশ ) লাডাখ (৮২.২ শতাংশ ) উত্তৰাখণ্ড (৮০.৯ শতাংশ ) চত্তীশগড় (৮০.৬ শতাংশ ) ৰাজস্থান (৮০.১ শতাংশ ) মিজোৰাম (৭৯ শতাংশ )ত্ৰিপুৰা (৭৭.৭ শতাংশ ) মধ্য প্ৰদেশ (৭৬.৯ শতাংশ ) ঝাৰখণ্ড (৭৪.৩ শতাংশ ) বিহাৰ (৭৪.২ শতাংশ ) হাৰিয়ানা (৭৪.১ শতাংশ ) গুজৰাট (৭১.৯ শতাংশ ) পঞ্জাৱ (৭০.৫ শতাংশ ) দিল্লী আৰু কৰ্ণাটক (৭০.২ শতাংশ ) মেঘালয় (৬৯.৪ শতাংশ ) উৰিষ্যা (৬৯.০ শতাংশ ) উত্তৰ প্ৰদেশ (৬৪.৪ শতাংশ ) হিমাচল প্ৰদেশ (৬৭.৩ শতাংশ ) পশ্চিম বংগ (৬৬.৭ শতাংশ ) অসম (৬২ শতাংশ ) আৰু জম্মু-কাশ্মীৰ (৬২.৪ শতাংশ ) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.