নিউজ ডেস্ক, ১ মে': কৰ'ণা ভাইৰাছৰ বীজাণু ধ্বংস কৰিব পৰাকৈ পুণেত অৱস্থিত উন্নত প্ৰযুক্তি প্ৰতিৰক্ষা প্ৰতিষ্ঠানে (DIAT) সাজি উলিয়াইছে এক মাইক্ৰ'ৱেভ ষ্ট্ৰিলাইজাৰ । "অতুল্য" নামেৰে নামাকৰণ কৰা এই মাইক্ৰ'ৱেভ ষ্ট্ৰিলাইজাৰৰ কথা বৃহস্পতিবাৰে সদৰী কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ।
এই বীজাণুনাশক মাইক্ৰ'ৱেভ ষ্ট্ৰিলাইজাৰটোৰ ৫৬ ড্ৰিগ্ৰীৰ পৰা ৬০ ডিগ্ৰী ছেলছিয়াছৰ উষ্ণতাত বীজাণু ধ্বংস কৰাৰ সক্ষমতা আছে বুলি দাবী কৰা হৈছে নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে । ইয়াৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা কোৱা হৈছে, অতুল্য নামৰ এই যন্ত্ৰটো বীজাণু ধ্বংস কৰিব পৰাকৈ এটা অতি কম ব্যয়বহুলৰ এটা উত্তম সমাধান । যাক অস্থায়ী (portable) অথবা স্থায়ী (fixed) ভাৱেও সংঞ্চালিত কৰিব পৰা যায় ।
ইতিমধ্য়ে এই প্ৰণালীটোৰ মানৱ তথা অপাৰেটৰ সুৰক্ষাৰ বাবে পৰীক্ষণ কৰা হৈছে য'ত নিৰাপদ বুলি প্ৰমাণিত হৈছে । ভাইৰাছৰ আকাৰ, আকৃতিৰ ওপৰত ভিত্তি কৰি ৩০ পৰা ১ মিনিটৰ ভিতৰত ই বীজাণু নাশ কৰিবলৈ সক্ষম বুলি উল্লেখ কৰা হৈছে ।
এই যন্ত্ৰটোৰ ওজন হৈছে প্ৰায় ৩ কিল'গ্ৰাম । আনহাতে কেৱল ধাতুবিহীন বস্তুৰ বাবেহে ই উপযোগী বুলি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা জানিবলৈ দিয়া হয় । পুণেত অৱস্থিতি এই উন্নত প্ৰযুক্তি প্ৰতিৰক্ষা প্ৰতিষ্ঠানটো হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (DRDO) ৰে অন্তৰ্গত ।