ETV Bharat / bharat

নিৰ্দেশনা সহিতে অতি সোনকালেই আৰম্ভ হ'ব ৰাজহুৱা পৰিবহণ : গাডকাৰী - সাৱধানজনক উপায় অৱলম্বন কৰিব লাগিব যাত্ৰীয়ে

অতি সোনকালেই আৰম্ভ হ'ব ৰাজহুৱা পৰিবহণ ব্যৱস্থা ৷ লগতে থাকিব কিছু নিৰ্দেশাৱলী ৷ এই মন্তব্য পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীৰ ৷

পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী
নিতিন গাডকাৰী
author img

By

Published : May 6, 2020, 10:20 PM IST

নেশ্যনেল ডেস্ক, 6 মে' : ৰাজহুৱা পৰিবহণ ব্যৱস্থা অতি সোনকালেই মুকলি কৰা হ'ব বুলি মন্তব্য কৰিছে পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু উদ্যোগ মন্ত্ৰী নিতিন গাডকাৰীয়ে ৷ কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব অৱমাননা নকৰাকৈয়ে পৰিবহণ ব্যৱস্থা আৰম্ভ কৰা সম্পৰ্কত চৰকাৰে সুৰক্ষিত নিৰ্দেশাৱলী প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে গাডকাৰীয়ে ৷

বাছ আৰু কাৰ কনফে়ডাৰেছনৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত গাডকাৰীয়ে কয়, "ৰাজহুৱা পৰিবহণ ব্যৱস্থা অতি সোনকালেই আৰম্ভ হ'ব... কিছুসংখ্যক নিৰ্দেশাৱলী থাকিব ৷"

তেওঁ কয় যে, পৰিবহণ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰিলে সামাজিক দূৰত্ব মানি চলিবলৈ ৰাইজৰ মাজত চেষ্টা কৰিব লাগিব আৰু সাৱধানজনক উপায় যেনে, হাত পৰিস্কাৰ ৰখা, চেনিটাইজাৰ ব্যৱহাৰ, মাস্ক পৰিধান আদি গ্ৰহণ কৰিব লাগিব ৷

ৰাজহুৱা পৰিবহণ উদ্যোগটো কাৰ্যকৰী কৰিবলৈ জনোৱা দাবী সম্পৰ্কত গাডকাৰীয়ে কয় যে, বিভাগটোৰ সমস্যা সম্পৰ্কত চৰকাৰ জ্ঞাত আৰু সকলো সমস্যা নাইকিয়া কৰিবলৈ চৰকাৰে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব ৷

দেশৰ অৰ্থনীতি সৱল কৰি তুলিবৰ বাবে দিনে-ৰাতিয়ে কাম কৰি থকা প্ৰধানমন্ত্ৰী মোডী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এই সম্পৰ্কত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে নিতিন গাডকাৰীয়ে ৷

ইয়াৰোপৰি, বিনিয়োগকাৰী আৰু উদ্যোগসমূহক তেওঁ আহ্বান জনাই যে, এই সংকটৰ সময়ক বিশ্বৰ বজাৰ দখল কৰাৰ সুযোগ হিচাপে গ্ৰহণ কৰা উচিত ৷ সকলো হিতাধিকাৰীয়ে এই জটিল সময়ছোৱাত একত্ৰিত হৈ যুঁজ দিয়া উচিত বুলি মন্তব্য কৰে গাডকাৰীয়ে ৷

এই বৈঠকতে কনফেডাৰেছনৰ সদস্যসকলে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে বিশেষ পৰামৰ্শ আগবঢ়ায় ৷ ইয়াৰোপৰি, লকডাউনৰ ফলত কমকৈ দূৰ্ঘটনা সংঘটিত হোৱাৰ ফলত লাভ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বীমা খণ্ডটোৱেও সহায়ৰ বাবে হাত আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.