শ্ৰীনগৰ, 12 মাৰ্চঃ কৰ'ণা ভাইৰাছ বিয়পাৰ আশংকাত শ্ৰীনগৰত জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰিলে নিষেধাজ্ঞা ৷ ইয়াৰ ওপৰিও বিদ্যালয়,ক'চিং চেন্টাৰৰ লগতে সকলো ধৰণৰ শিক্ষানুষ্ঠান 31 মাৰ্চ প্ৰযন্ত বন্ধ ৰখাৰ জাননী প্ৰকাশ কৰে ৷ শ্ৰীনগৰ পৌৰ নিগমে বুধবাৰে এই জাননী প্ৰেৰণ কৰে ৷
জম্মু-কাশ্মীৰ প্ৰশাসনে বুধবাৰৰ পৰা সকলো নিম্ন প্ৰাথমিক বিদ্যালয় আৰু অংগনবাড়ী বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰকাশ কৰে ৷ ৰাজ্য খনৰ পাঁচখন জিলা,জম্মু, চাম্বা, কাঠুৱা,ৰেয়াইছি আৰু উধামপুৰামত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব ৷ ইয়াৰ ওপৰিও সমগ্ৰ জম্মু কাশ্মীৰতে ছলচিত্ৰ গৃহ সমূহ বন্ধ ৰখাৰ বাবেও জাননী প্ৰকাশ কৰা হৈছিল ৷ উধামপুৰা জিলাৰ উপায়ুক্তই এই জাননীৰ কথা সদৰী কৰে ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি কোৱা হৈছে ৷ ভাৰত বৰ্ষত বৰ্তমানলৈ 60 টা কৰ'ণা ভাইৰাছৰ তথ্য পোৱা গৈছে য'ত 36 জন ভাৰতীয় নাগৰিকৰ দেহত এই ভাইৰাচ ধৰা পৰিছে ৷