ETV Bharat / bharat

অধিক হাৰত কৰ'ণা ভাইৰাচৰ পৰীক্ষণ কৰিবলৈ চৰকাৰক আহ্বান প্ৰিয়ংকাৰ - কৰ'ণা ভাইৰাচ

প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নাৰ্চ আৰু ডাক্তৰকে ধৰি চিকিৎসা সেৱাত জড়িত লোক সকলে প্ৰয়োজনীয় সুৰক্ষা উপকৰণ নোপোৱাৰ প্ৰসংগ আৰু তেওঁলোকৰ দৰমহা কৰ্তনৰ বিষয়টো উল্লেখ কৰে ।

Breaking News
author img

By

Published : Apr 4, 2020, 5:39 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিলঃ কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শনিবাৰে কয় যে, ভাৰতত কৰ'ণা ভাইৰাচৰ পৰীক্ষণ আৰু অধিক হাৰত তৰান্বিত কৰিব লাগে লগতে লক ডাউনৰ ফলাফলৰ বাবে এতিয়াৰ পৰাই চৰকাৰে কাম আৰম্ভ কৰিব লাগে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাচৰ পৰীক্ষণৰ দ্বাৰাহে সংক্ৰমনৰ পৰিমান, তাৰ তথ্য আৰু ফকেল্ বিন্দু সম্পৰ্কে অধিক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পৰা যায় ।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাই লগতে নাৰ্চ আৰু ডাক্তৰকে ধৰি চিকিৎসা সেৱাত জৰিত লোক সকলে প্ৰয়োজনীয় সুৰক্ষা উপকৰণ নোপোৱাৰ প্ৰসংগ আৰু তেওঁলোকৰ দৰমহা কৰ্তনৰ বিষয়টো উল্লেখ কৰে । তেওঁ কয় এই সময়ত চিকিৎসা সেৱাত জড়িত লোক সকলক সমৰ্থন আৰু সহযোগীতাৰ প্ৰয়োজন ।

উত্তৰ-প্ৰদেশ চৰকাৰক এই বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান কৰি কয় য, এই সময় যোদ্ধা সকলৰ বিৰুদ্ধে অন্যায় কৰা সময় নহয়, তেওঁলোকৰ কথা শুনাৰহে সময় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.