নিউজ ডেস্ক, ২৯ জুলাইঃ বিগত ২৪ ঘণ্টাত মিজোৰামত নতুনকৈ মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ১১ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৩৯৫ গৰাকীলৈ বৃদ্ধি পাই বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । ইয়াৰ ভিতৰত ১৯৭ গৰাকী ব্য়ক্তিৰ দেহত বৰ্তমান পৰ্যন্ত এই ভাইৰাছ সক্ৰিয় থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১৯৮ গৰাকী ব্যক্তি । তাৰ বিপৰীতে ৰাজ্যখনত এই পৰ্যন্ত কৰ'ণা হৈ কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।
আনহাতে, সমগ্ৰ দেশজুৰি মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ১,৫৩৫,৩৩৫ গৰাকী ৰো অধিক ব্যক্তি । ইয়াৰ ভিতৰত ৫,১১,২০৫ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৯,৯৮,৮৭৮ গৰাকী ব্যক্তিৰ । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৪,২৫২ গৰাকীৰো অধিক লোক ।