নিউজ ডেস্ক,5 অক্টোবৰ: ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 66,23,815 ৰ সংখ্যা ৷ বিপৰীতে মৃত্যুক সাৱটি লৈছে 1,02,685 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত 55,86,703 লক্ষাধিক লোকে আৰোগ্য লাভ কৰিছে কৰ’ণা ভাইৰাছৰ পৰা ৷ দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ সম্প্ৰতি দেশত 9,34,427 গৰাকী লোকে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷
মহাৰাষ্ট্ৰত সৰ্বাধিক 14,43,409 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 38,084 গৰাকীয়ে ৷ তদুপৰি 1149603 গৰাকীয়ে চিকিৎসাৰ অন্তত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাত চিকিৎসালয় কৰ্তৃপক্ষই অব্যাহতি দিয়ে ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যখনত 2,55,722 গৰাকী লোক চীনা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ আছে ৷ বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 74,442 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷
লগতে চাওকঃ সুদীৰ্ঘ ছমাহৰ অন্তত ৰাধেৰ ছেটলৈ প্ৰত্যাৱৰ্তন ছলমান খানৰ