Hyderabad: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, মঙলবাৰে ভাৰতত COVID-19 ত আক্ৰান্তৰ সংখ্যা মুঠ 46,433 গৰাকীলৈ বৃদ্ধি পাইছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটতত প্ৰকাশ কৰা অনুসৰি, 5 মে' ৰাতিপুৱা 8 বজালৈ কৰ'ণাত নিহতৰ সংখ্যা 1,568 গৰাকী হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা 46,433 গৰাকীলৈ বৃদ্ধি পায় । লগতে এই পৰ্যন্ত কৰ'ণাৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 12,726 গৰাকী ৷ কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত 14,541 গৰাকী আক্ৰান্তৰে শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ । ইয়াৰ বিপৰীতে 5,804 সংখ্যাৰে দ্বিতীয় স্থানত আছে গুজৰাট ।