নিউজ ডেস্ক, 30 মাৰ্চ: ভাৰতত ক্ৰমাত পোখা মেলিছে মাৰাত্মক কৰ'ণা ভাইৰাছে ৷ দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, দেশত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছৰ 1071 টা সক্ৰিয় ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে 99 গৰাকী এই ভাইৰাছত আক্ৰান্ত লোক সুস্থ হৈছে ৷ অন্যহাতে এই ভাইৰাছত আক্ৰান্ত হৈ 29 গৰাকী লোকে মৃত্যুক আকোঁৱালি লৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া এক তথ্য অনুসৰি দেওবাৰলৈকে ভাৰতত ভাৰতত 1071 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেব চাইডৰ মতে, 30 মাৰ্চৰ পুৱা 10:30 বজালৈকে 1071 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে 29 গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক 226 আৰু কেৰেলাত 214 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছৰ সক্ৰিয় অৱস্থিতি ধৰা পৰিছে ৷