ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 80,40,203 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 73,15,989 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,20,527 গৰাকীয়ে ৷ সম্প্ৰতি 6,03,687 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷
ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 16,60,766 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,554 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,30,286 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,86,926 গৰাকী ব্যক্তিয়ে ৷
লগতে চাওকঃ ভিয়েটনামত ভূমিস্খলনৰ ফলত 7 গৰাকীৰ মৃত্যু,সন্ধানহীন 46