ETV Bharat / bharat

COVID-১৯ঃ ভাৰতত নতুনকৈ ১২,৮৯৯ জন আক্ৰান্ত - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৭,৯০,১৮৩ জনলৈ বৃদ্ধি । ভাৰতত নতুনকৈ ১২,৮৯৯ জন COVID-১৯ত আক্ৰান্ত । মহামাৰীৰ কবলত পৰি এতিয়ালৈকে দেশত ১,৫৪,৭০৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।

ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৭,৯০,১৮৩ জনলৈ বৃদ্ধি

author img

By

Published : Feb 4, 2021, 5:57 PM IST

নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: ভাৰতত অব্যাহত আছে COVID-১৯ৰ সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ১২,৮৯৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে দেশত ১,০৭,৯০,১৮৩ জন লোক আক্ৰান্ত হৈছে COVID-১৯ত । আনহাতে, ১,০৪,৮০,৪৫৫ জন লোক আৰোগ্য হৈ উঠিছে । মাত্ৰ এটা দিনৰ ভিতৰতে ১০৭ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ।

বৰ্তমানলৈকে ১,৫৪,৭০৩ জন লোকৰ মৃত্যু হৈছে । দেশত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৭.১৩ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৩ শতাংশ হৈছেগৈ । দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২ লাখত কৈ হ্ৰাস পাইছে । দেশত বৰ্তমান ১,৫৫,০২৫টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ৩ ফেব্ৰুৱাৰীলৈকে ১৯,৯২,১৬,০১৯টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে । বুধবাৰে ৭,৪২,৮৪১ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় । আনহাতে, নতুনকৈ মৃত্যু হোৱা মুঠ ১০৭ জন লোকৰ ভিতৰত ৩০ জন মহাৰাষ্ট্ৰৰ, ২০ জন কেৰালাৰ, ৭ জন পশ্চিমবংগৰ । লগতে দিল্লী আৰু উত্তৰ প্ৰদেশৰ ৬ জনকৈ লোকেও মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

দেশত মৃত্যু হোৱা মুঠ ১,৫৪,৭০৩ জন লোকৰ ভিতৰত ৫১,১৬৯ জনৰ মহাৰাষ্ট্ৰত, ১২,৩৭১ জনৰ তামিলনাডুত, ১২,২২৫ জনৰ কৰ্ণাটকত, ১০,৮৬৪ জনৰ দিল্লীত, ১০,১৯৫ জনৰ পশ্চিমবংগত, ৮,৬৭৪ জনৰ উত্তৰ প্ৰদেশত আৰু ৭,১৫৭ জনৰ অন্ধ্ৰ প্ৰদেশত মৃত্যু হৈছে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.