নিউজ ডেস্ক, 5ফেব্ৰুৱাৰী : এতিয়াও মাৰ যোৱা নাই কাল ক’ৰ’নাৰ সংহাৰ ৷ কিন্তু শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে জাৰি কৰা এক তথ্য অনুসৰি ক’ৰনা মহামাৰীত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে গৈ 1,04,96,308 ৷
আনহাতে দেশত মহামাৰী ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1,04,02,591 লৈ বৃদ্ধি পাইছে ৷ আনকি মহামাৰী ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় COVID-19 পুনৰুদ্ধাৰৰ হাৰ ৯৭.১৬ শতাংশলৈ বৃদ্ধি পাইছে আৰু COVID-19 ত ফলত মৃত্যু হাৰ ১.৪৩ শতাংশৰ ঘৰ অতিক্ৰম কৰিছে ৷ বৰ্তমান COVID-19ত আক্ৰন্তৰ সংখ্যা 2 লাখৰ তলত আছে ।
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে জাৰি কৰা এক তথ্য অনুসৰি, ভাৰতৰ COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । আনকি ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল আৰু ১৯ ডিচেম্বৰত এক কোটি অতিক্ৰম কৰিছিল COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ।
আনহাতে, ICMR(Indian Council of Medical Research)ৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে ৭,১৫,৭৭৬ টা COVID-19ৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ৪ ফেব্ৰুৱাৰীলৈকে সম্পন্ন হৈছে ১৯,৯৯,৩১,৭৯৫ টা নমুনাৰ পৰীক্ষা ।
লগতে পঢ়ক : ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰলৈ আহিব ৰাহুল গান্ধী