ETV Bharat / bharat

কোভিড-19 : সঘনে পৰিস্কাৰ কৰা শুকান হাতৰ কিদৰে যত্ন ল'ব - কোভিড-19

শুকান হাতৰ পৰিচৰ্যা কিদৰে কৰিব লাগে সেই সম্পৰ্কত এক বিশেষ প্ৰতিবেদন -

কোভিড-19
সঘনে পৰিস্কাৰ কৰা শুকান হাতৰ কিদৰে যত্ন ল'ব
author img

By

Published : Apr 4, 2020, 10:12 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : এলক'হলযুক্ত ছেনিটাইজাৰৰ জৰিয়তে সঘনে হাত পৰিস্কাৰ কৰি প্ৰাণনাশক কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি ৷ ৰোগ নিয়ন্ত্ৰণ আৰু নিবাৰণ কেন্দ্ৰ (CDC) আৰু স্বাস্থ্যকৰ্মীয়ে ইতিমধ্যেই সকলোকে সঘনে হাত ধুই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

CDC ৰ নিৰ্দেশাৱলী অনুসৰি, সকলোৱে হাতত লাগি থকা বীজাণু ধংস কৰিবৰ বাবে এবাৰত 20 ছেকেণ্ড পৰ্যন্ত হাত ছেনিটাইজাৰৰ জৰিয়তে পৰিস্কাৰ কৰিব লাগে ৷ ৰোগ নিৰাময় কৰাৰ এয়া আটাইতকৈ নিৰ্ভৰযোগ্য উপায় ৷

সেয়েহে সকলোৱে এই নিৰ্দেশ পালন কৰি সঘনে হাত ধুৱাৰ অভ্য়াস কৰিলেও অতিমাত্ৰা হাত ধুৱাৰ ফলত হাতৰ ছাল শুকান হৈ পৰে ৷

এলক'হলযুক্ত ছেনিটাইজাৰৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত হাতৰ ছাল শুকান হৈ পৰে ৷

কিয় অতিমাত্ৰা পৰিস্কাৰ কৰাৰ ফলত হাত শুকান হৈ যায় ?

চাবোন আৰু পানীয়ে ছালৰ পৰা বীজাণু আঁতৰাবলৈ সক্ষম হ'লেও হাত শুকান কৰি পেলোৱাৰ লগতে খঁজুৱতি, ছালৰ জ্বলন, ৰঙা হৈ যোৱা আৰু ফাটিবলৈ আৰম্ভ কৰে ৷

ছালৰ শুকান ভাৱ দূৰ কৰিবৰ বাবে কি কৰিব লাগে ?

ইয়াৰ বাবে সুগন্ধিযুক্ত আৰু মসৃণ চাবোনৰ জৰিয়তে হাত ধুৱা উচিত ৷ কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব লাগে ৷ হাত পৰিস্কাৰ কৰাৰ পাচত শুকাবলৈ দিয়া উচিত ৷ ইয়াৰ পাচতে হাতখন মসৃণ হ'বৰ বাবে অলপ ক্ৰীম লগোৱা উচিত ৷

তেলযুক্ত ক্ৰীমবোৰ অধিক ফলপ্ৰসূ ৷ এনে ক্ৰীম লগোৱাৰ পাচত হাতখন এখন কপাহী কাপোৰেৰে মেৰিয়াই ৰখা উচিত ৷ ইয়াৰ ফলত হাতখন মসৃণ হোৱাত সহায়ক হয় ৷

প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা হেণ্ড মাস্কৰ ব্যৱহাৰ -

আছুতীয়া কক্ষত বাস কৰা সময়ছোৱাত আমি নিজৰ পৰিচৰ্যাৰ বাবে যথেষ্ট সময় লাভ কৰিছো ৷ সেয়েহে এই সময়ছোৱাত হাতত নিজে প্ৰস্তুত কৰা হেণ্ড মাস্ক ব্যৱহাৰ কৰিব পাৰো ৷ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰিব পৰা যায় এনে ধৰণৰ হেণ্ড মাস্ক ৷

উদাহৰণস্বৰূপে, চালকুঁৱৰীৰ ৰস, মৌ, নাৰিকলৰ তেল, হালধিৰ মিশ্ৰণ কৰি হাতত 15 মিনিটৰ বাবে লগাই ৰাখিব লাগে ৷ ইয়াৰ ফলত হাতৰ ছাল মসৃণ হৈ পৰিব আৰু পৰিস্কাৰো হৈ ৰ'ব ৷

মনত ৰখা উচিত যে, সাৱধানতাই হৈছে নিৰোগী হৈ থকাৰ একমাত্ৰ উপায় ৷ তেতিয়ালৈকে, ঘৰতে বাস কৰক, সুৰক্ষিত থাকক আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.