ETV Bharat / bharat

COVID-19 সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী সকলৰ ভিডিঅ' কনফাৰেঞ্চ হৰ্ষবৰ্ধনৰ

author img

By

Published : Apr 24, 2020, 9:01 PM IST

শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী সকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠক অনুষ্ঠিত কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী হৰ্ষবৰ্ধনে । বৈঠকত COVID-19 বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

COVID-19
COVID-19 সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী সকলৰ ভিডিঅ' কনফাৰেঞ্চ হৰ্ষবৰ্ধনৰ

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাস সষ্টি কৰা মহামাৰী COVID-19 আৰু তাৰ পৰিপ্ৰেক্ষিত বিগত এমাহ জুৰি চলা লক ডাউনৰ মাজতে শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠক অনুষ্ঠিত কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী হৰ্ষবৰ্ধনে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীৰ সৈতে বৈঠকত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সদস্য অশ্বিনী চোৱে । খবৰ অনুসৰি,পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি,মন্ত্ৰী হৰ্ষবৰ্ধনে ৰাজ্য চৰকাৰক জৰুৰীকালীন অৱস্থাৰ বাবে পিপিআই, ৯৫ মাস্ক, ভেণ্টিলেটৰ আৰু অন্য়ান্য চিকিৎসা সামগ্ৰীৰ মজুত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় । আনহাতে,চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা যাতে নহয় তাৰ বাবে নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে হৰ্ষবৰ্ধনে ।

তাৰোপৰি,কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সকলো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী সকলক লক ডাউন আৰু সমাজিক দুৰত্বৰ ব্যৱস্থা পাৰ্যমানে সফল কৰা বুলি শুভেচ্ছাও জ্ঞাপন কৰে ।

উল্লেখ্য যে,বৰ্তমান দেশজুৰি COVID-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ, ২৩,০৭৭ জন আৰু COVID-19 ত আক্ৰন্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৭১৮ জন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.