ETV Bharat / bharat

পৰিবহণ আৰু বিতৰণৰ সঠিক সময় পৰ্যবেক্ষণৰ বাবে দিল্লীত স্থাপন নিৰীক্ষণ কক্ষ

author img

By

Published : Mar 26, 2020, 2:18 PM IST

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ চমুকৈ DPIITৰ উল্লেখনীয় পদক্ষেপ ৷ লকডাউনৰ সময়ছোৱাত পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত কোনো সমস্য়াৰ সন্মুখীন হ'লে দাখিল কৰিব পাৰিব অভিযোগ ৷ দিল্লীত স্থাপন কৰা হ'ল নিৰীক্ষণ কক্ষ ৷

corona virus
পৰিবহণ আৰু বিতৰণৰ সঠিক সময় পৰ্যবেক্ষণৰ বাবে দিল্লীত স্থাপন নিৰীক্ষণ কক্ষ

নিউজ ডেস্ক, 26 মাৰ্চঃ সমগ্ৰ ভাৰততে জাৰি কৰা লক ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ আৰু বিতৰণৰ কালছোৱাত সঠিক সময় পৰ্যবেক্ষণ কৰিবৰ বাবে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ চমুকৈ DPIIT এ দিল্লীত স্থাপন কৰিছে নিৰীক্ষণ কক্ষ ৷

25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে লক ডাউনৰ সময়ছোৱাত বিভিন্ন অংশীদাৰীসকলে সন্মুখীন হ'ব লগা সকলোবোৰ সমস্যা পৰ্যবেক্ষণ কৰা হ'ব এই নিৰীক্ষণ কক্ষৰ পৰা ৷

ইয়াৰ লগতে কোনো উৎপাদনকাৰী,পৰিবহণকাৰী,বিতৰক,পাইকাৰী আৰু ই-কমাৰ্চ কোম্পানীয়ে পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত লকডাউনৰ সময়ছোৱাত কোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকৰ অভিযোগসমূহ এই বিভাগৰ জৰিয়তে অৱগত কৰিব পাৰিব বুলিও উল্লেখ কৰে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগে ৷

কোনো সহায় নতুবা অভিযোগৰ বাবে Controlroom-dpiit@gov.inআৰু 011-23062487 ৰ জৰিয়তে পুৱা 8 বজাৰ পৰা বিয়লি 6বজালৈ নিৰীক্ষণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জনায় DPIIT এ ৷

ইয়াৰ জৰিয়তে দাখিল হোৱা অভিযোগ নতুবা সমস্যা সমূহৰ বিষয়ে ৰাজ্য চৰকাৰ,জিলা প্ৰশাসন,পুলিচ প্ৰশাসনক অৱগত কৰাৰ উপৰিও এই সন্দৰ্ভত আলোচনা কৰা হব বুলি উল্লেখ কৰে DPIIT এ ৷

লগতে চাওকঃ কৰ’ণা আতংকৰ মাজতে গোলাঘাটত অন্ধবিশ্বাসৰ বলি একাংশ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.