নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বিশ্বৰ লগতে দেশত এতিয়া COVID-১৯ মহামাৰীৰ প্ৰকোপ । এই সংকটৰ সময়ত আগবাঢ়ি আহিছে CSIR । তামিলনাডুৰ কাৰাইকুড়িৰ পৰীক্ষাগাৰ CSIR-CECRI (Central Electrochemical Research Institute) য়ে COVID-১৯ প্ৰশমিত কৰাৰ বাবে বৈজ্ঞানিক সেৱাৰ জৰিয়তে বহু কেইটা সামগ্ৰী প্ৰস্তুতিৰে সমাজৰ মাজত নিয়াৰ চেষ্টা চলাইছে ।
CSIR-CECRI য়ে টুইট যোগে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা বহুকেইটা পদক্ষেপৰ বিষয়ে উল্লখ কৰিছে । বৰ্তমান সময়ত চেনিটাইজাৰ, হাস্পতালত উপযোগী প্ৰযুক্তি, ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (PPE) প্ৰয়োজনীয় । সেই উদ্দেশ্যে CSIR-CECRI য়ে পৰীক্ষাগাৰত তৈয়াৰী এটা পিপিইৰ ছিৰিজ প্ৰস্তুত কৰিছে । যাৰ ভিতৰত আছে-
- বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্দেশনা পূৰ্ণ হেণ্ড চেনিটাইজাৰৰ সমাধান হৈছে (আইশ্ৰ'প্ৰপেনাল ৭৫ শতাংশ, গ্লিচেৰল ১.৪৫ শতাংশ, হাইড্ৰজেন পেৰোক্সাইড ০.১২৫ শতাংশ আৰু সুগন্ধিৰ বাবে লেমনগ্ৰাছ তেল) ।
- হাত ধুবলৈ নাৰিকলৰ তেল আৰু ছডিয়াম হাইপ্ৰক্ল'ৰাইটো উপযোগী বীজাণু ধ্বংস কৰাৰ বাবে । এইবোৰ বটলত পেক কৰি বিনামূলীয়া কৈ বিভিন্ন সংগঠনৰ মাজত বিতৰণ কৰা হৈছিল ।
বৰ্তমানলৈকে ৩৫০ লিটাৰ হেণ্ড চেনিটাইজাৰ, ২৫০ লিটাৰ হেণ্ড ৱাছ আৰু ১০০০ লিটাৰ হাইপ' ডিছইনফেক্টটেন্টছ বিতৰণ কৰা হৈছে । ইতিমধ্য়ে এই সামগ্ৰী সমূহ বিতৰণ কৰা হৈছে-
- কাৰাইকুড়ি পৌৰ নিগমত
- দেবাকট্টাই পৌৰ নিগমত
- শিৱাগংগা চৰকাৰী মেডিকেল কলেজ হাস্পতালত
- শিৱাগংগা আৰক্ষী অধীক্ষক কাৰ্যালয় সহ অন্যান্য আৰক্ষী চকীত
- প্ৰাথমিক চিকিৎসালয়, পঞ্জায়ত আদিকে ধৰি বহু কাৰ্যালয়ত
- অন্যান্য চৰকাৰী বেংক ইত্যাদিত
ইয়াৰ ওপৰি গাঁৱৰ ইচ্ছুক মহিলাক মাস্ক তৈয়াৰৰো ডিজিটেল প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰিছে CSIR-CECRI য়ে । আনহাতে ৩D প্ৰিণ্টেড ফেচ শ্বীল্ড ডিচপেনছেৰী কৰ্মীসকলৰ মাজত বিতৰণ কৰা হৈছে ।
বৰ্তমান CSIR-CECRI অতি কম সময়ৰ ভিতৰত ৰোগপ্ৰতিৰোধ দক্ষতা থকা ফেচ শ্বীল্ডৰ উন্নত সংস্কৰণ তৈয়াৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।