ETV Bharat / bharat

কোভিড-19 : চিআৰপিএফৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষ্টাৰ মেকিং প্ৰতিযোগিতা

author img

By

Published : Apr 14, 2020, 12:24 PM IST

দেশব্যাপী কৰ’ণা ভাইৰাছৰ ফলত জাৰী কৰা লকডাউনৰ মাজত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ প্ৰতিযোগিতাৰ আহ্বান কৰিছে ভাৰত তথা বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফে ৷ 1-12 শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ পোষ্টাৰ মেকিং কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

চিআৰপিএফৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষ্টাৰ মেকিং প্ৰতিযোগিতা

নিউজ ডেস্ক, 14 এপ্ৰিলঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফে দেশব্যাপী আয়োজন কৰিছে এক পোষ্টাৰ মেকিং প্ৰতিযোগিতা ৷ তিনিটা শাখাত হ’বলগীয়া এই প্ৰতিযোগিতা প্ৰথমমানৰ পৰা পঞ্চমমান শ্ৰেণী, ষষ্ঠমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণী আৰু একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ মাজত অনুষ্ঠিত হ’ব ৷ সমগ্ৰ দেশত সংহাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছ সৃষ্ট COVID-19 মহামাৰীৰ বিষয়ে সজাগতা সৃষ্টি হৈছে এই প্ৰতিযোগিতাৰ প্ৰধান উদ্দেশ্য ৷

শিক্ষাৰ্থীসকলে নিজৰ নিজৰ পোষ্টাৰসমূহ চিআৰপিএফৰ টুইটাৰ @crpfindiaত গৈ হেছটেগ BalsenaFightsCorona ৰে পঠিয়াব পাৰিব বুলি বাহিনীটোৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে ৷ এটা বিশ্বাসযোগ্য টেগলাইনৰ সৈতে হস্তনিৰ্মিত পেইন্টিং, ড্ৰয়িং অথবা স্কেচ্চ হিচাপে নিজৰ নাম, শ্ৰেণী, বিদ্যালয়ৰ নাম তথা অভিভাৱকৰ নামসহ এই পোষ্টাৰসমূহ প্ৰেৰণ কৰিব পাৰিব শিক্ষাৰ্থীসকলে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন হৈছে 25 এপ্ৰিল ৷

বিশেষজ্ঞ তথা চিআৰপিএফৰ বিষয়াৰ এটা দলে প্ৰতিযোগীসমূহৰ পৰা চূড়ান্ত বিজয়ীক চিনাক্ত কৰিব আৰু তিনিওটা শাখাতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা তিনিগৰাকী শিক্ষাৰ্থীক ক্ৰমে 50,000, 40,000 আৰু 25,000 টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও দহটা, য’ত 5,000 টকাৰ নগদ ধন পুৰস্কাৰ থাকিব, উদগনিমুলক বঁটা হিচাপে প্ৰদান কৰা হ’ব বুলি চিআৰপিএফে প্ৰকাশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.