ETV Bharat / bharat

কভিড19ৰ প্ৰত্যাহ্বান আৰু তবলিগী জামাত : বস্তুগত গুৰুত্বৰ প্ৰয়োজনীয়তা ! - চি. উদয় ভাস্কৰ

এই মন্তব্যটো লিখাৰ সময়ত 5 এপ্ৰিল দেওবাৰে ভাৰতত নিশ্চিতভাৱে কভিড19ত আক্ৰান্তৰ সংখ্যাই 3500 অতিক্ৰম কৰিছে আৰু যি ধৰণে ভাইৰাছৰ সংক্ৰমণ হ'বলৈ ধৰিছে নিশ্চয়কৈ শীঘ্ৰে এই সংখ্যাই 4000 অতিক্ৰম কৰিব ৷

কভিড19ৰ প্ৰত্যাহ্বান আৰু তবলিগী জামাত
কভিড19ৰ প্ৰত্যাহ্বান আৰু তবলিগী জামাত
author img

By

Published : Apr 6, 2020, 9:42 AM IST

কভিড19ৰ সংক্ৰমণৰ কাৰণ বিবেচনা কৰিলে দেখা যায় যে, মাৰ্চ মাহত দিল্লীত অনুষ্ঠিত তবলিগী জামাতৰ অনুষ্ঠানত হোৱা বৃহৎ সংখ্যক লোকৰ সমাবেশৰ পৰা প্ৰায় 30 শতাংশ বীজাণু সংক্ৰমণ হৈছে ৷ যিসকল লোকে নিজামুদ্দিনৰ এই বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল তেওঁলোকে সোনকালেই দেশৰ বিভিন্ন স্থানলৈ উভতি গৈছে আৰু ভাৰতৰ বহু অঞ্চলৰ কৰ'ণা সংক্ৰমণৰ সৈতে তবলিগী জামাতৰ সমাৱেশৰ সম্পৰ্ক ৰৈছে ৷

ভাৰতৰ আটাইকৈ বেছি কভিড-19 ৰ দ্বাৰা আক্ৰান্ত ৰাজ্যসূহ হ'ল- মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ,তেলেংগানা,উত্তৰ প্ৰদেশ,ৰাজস্থান,জম্মু আৰু কাশ্মীৰ,অসম,কৰ্ণাটক,আন্দামান আৰু নিকোবৰ দীপপুঞ্জ, উত্তৰাখণ্ড,হাৰিয়ানা,হিমাচল প্ৰদেশ,কেৰালা,অৰুণাচল প্ৰদেশ আৰু ঝাৰখণ্ড ৷ তবলিগী জামাতৰ বহু সদস্যই নিজৰ ভ্ৰমণসূচী, নিজামুদ্দিনত উপস্থিত থকাৰ তথ্য প্ৰকাশ নকৰাৰ লগতে লক্ষণ সমূহ অস্বীকাৰ কৰি যিহেতু সহযোগৰ পৰা বিৰত আছে গতিকে এই সংক্ৰমণ সংখ্যা অধিক হ'ব বুলি শংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ৷

ইয়াৰ ফলস্বৰূপে, ভাৰতত এক ক্ষোভ আৰু ঘৃণাৰ সৃষ্টি হোৱাৰ লগতে টেলিভিশন আৰু চ'ছিয়েল মিডিয়াত কিছুমান বাতৰি পক্ষপাতমূলক আৰু তবলিগী বিৰোধী ৰূপে প্ৰকাশ পোৱা দেখা গৈছে ৷ য'ত ইছলাম বিৰোধী দৃষ্টিভংগী পৰিষ্ফূট হৈছে ৷ গভীৰভাৱে মেৰুকৰণ কৰা এটা সামাজিক-ৰাজনৈতিক পৰিৱেশত কৰ'ণা ভাইৰাছ বৰ্তমান ভাৰতত এক ধৰ্মীয় ডি এন এ হৈ পৰিছে আৰু ফৌনিকভাৱে চলি থকা কৰ'ণা আৰু কোৰাণৰ মাজৰ নাটকখন অবাঞ্চিত আৰু ক্ষোভজনক ৷ চ'ছিয়েল মিডিয়াত ভুল বাৰ্তা প্ৰচাৰ কৰা হৈছে আৰু ৰাজনৈতিক বিৰোধীসকলে বিজেপি আৰু আৰ এছ এছক দেশৰ এই স্বাস্থ্য সম্পৰ্কীয় জৰুৰীকালীন সময়ত সাস্প্ৰদায়িকতা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে ৷

এইটো মন কৰিব লগীয়া যে, প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডাই দলীয় নেতাসকলক কভিড-19ৰ প্ৰাদুৰ্ভৱৰ সময়ত যিকোনো ধৰণৰ সামপ্ৰদায়িকতা অথবা ধৰ্মীয় বিভাজনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ৷ চাৰি এপ্ৰিলত দিল্লীত অনুষ্ঠিত এখন সভাত জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, "প্ৰথমাৱস্থাৰ পৰাই নিৰ্ধাৰিত এটা দিশ হৈছে যে, দেশক নেতৃত্ব দিয়াৰ বাবে আমাৰ দায়িত্ব আছে ৷ কভিড-19ৰ বীজাণু আৰু ৰোগে সমগ্ৰ বিশ্বতে এটা ধৰ্মক আনটোৰ প্ৰতি সংবেদনশীল কৰি তুলিছে ৷ কোনেও কোনোধৰণৰ উচতনিমূলক মন্তব্য কৰিব নালাগে"৷

নিৰ্দিষ্ট একাংশই তবলিগী জামাতৰ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন অপবাদ দিছে আৰু উচতনিমূলক মন্তব্য কৰাৰ কোনো প্ৰয়োজন নাই ৷ বিজেপিৰ এগৰাকী নেতাই কয় যে, " তবলিগী জামাতৰ বিষটো অহাৰ লগে লগে ইয়াৰ পুনৰাবৃত্তি ঘটিছে ৷ নিৰ্দেশনা দিয়া হৈছে যে, কোনেও যাতে সাম্প্ৰদায়িক মন্তব্য নকৰে ৷ সংখ্যালঘু সম্প্ৰদায়ৰ নেতা সকলে ইচ্ছা কৰিলে এই সম্পৰ্কে মন ব্যক্ত কৰিব পাৰে ৷ কৰ'ণাৰ বিৰুদ্ধে আমি একগোট হৈ যুঁজ দিব লাগিব " ৷

তবলিগী জমিয়তৰ বিষয়ববীয়াই মাৰ্চৰ মাজভাগত কভিড-19 সম্পৰ্কীয় নিৰ্দেশনা অমান্য কৰিছে বুলি কিছু বিশ্বাসযোগ্য প্ৰমাণ আছে ৷ কি কাৰণে তেওঁলোকে এই নিৰ্দেশ অমান্য কৰিছে, সেইয়া ধৰ্মান্ধতা আন কিবা সেই বিষয়ে অনুসন্ধান চলোৱা উচিত ৷ বিশ্বৰ জেহাদ, সন্ত্ৰাসবাদ আদিৰ সৈতে তবলিগৰ কিবা সম্পৰ্ক আছে নেকি সেইয়া প্ৰমাণ কৰাত দেৰি কৰাও অনুচিত ৷

আশ্চৰ্যজনকভাৱে নিজামুদ্দিনৰ ঘটনাটো সংঘটিত হোৱাৰ পিচৰে পৰা ইয়াৰ সৈতে কভিড-19 ৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰাৰ বাবে এটা ভি ডি অ' ভাইৰেল হৈছে ৷ তাৰোপৰি মুক্তভাৱে শ্বাহিনবাগৰ 'কা' বিৰোধী আন্দোলন আৰু নিজামুদ্দিনৰ তবলিগী জামাতৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিবলৈ কিছুমান ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে ৷

ঘৃণা বিয়পোৱা সকলৰ প্ৰৱণতাক চৰকাৰে কঠোৰভাৱে দমন কৰিব লাগিছিল যদিও সেইয়া কাৰ্যতঃ হোৱা নাই ৷ এইবাবেই নাড্ডাৰ হস্তক্ষেপ আশা কৰাৰ লগতে বিজেপিৰ কেডাৰ সকলে চ'ছিয়েল মিডিয়াত যাতে কোনো প্ৰৰোচনামূলক মন্তব্য কৰাৰ পৰা বিৰত থাকে তাৰ বাবে আহ্বান জনোৱা উচিত ৷

এইটো মন কৰিব লগীয়া যে, কিছুমান ৰাজ্যৰ চ'ছিয়েল মিডিয়াৰ জৰিয়তে উগ্ৰ আৰু বিভেদকামী মন্তব্য কৰা সকলক কঠোৰ নিৰ্দেশ জাৰি কৰিছে, অধিকাংশ লোক কভিড-19 ত ত্ৰাসিত হৈ থকাৰ সময়ত এনে পোষ্ট প্ৰচাৰ নকৰিবলৈ ৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাক্কৰেয়ে ভুৱা ভিডিঅ' প্ৰচাৰৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপৰ বাবে তেওঁক শলাগ ল'ব লগীয়া ৷ ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ নিয়ম ভংগকাৰী সকলক জৰিমনা বিহাৰ কথা প্ৰকাশ কৰে ৷

মহাৰাষ্ট্ৰৰ পৰা তবলিগী জামাতলৈ অহা 100 শতাংশ লোককেই চিনাক্ত কৰি কোৱাৰেন্টাইন কৰা হৈছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী থাক্কৰেয়ে ৷ তেওঁ কয় যে, কৰ'ণা ভাইৰাছৰ দৰেই আন এটা ভাইৰাছ লুকাই আছে যি সামাজিক সুস্থিৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, সেইয়া হ'ল ভুৱা বাতৰি আৰু সাম্পদায়িকতাৰ ভাইৰাছ ৷ ইয়াৰ পৰা আমি মহাৰাষ্ট্ৰক ৰক্ষা কৰিম ৷ কিন্তু যদি কোনোবাইভুৱা বাতৰি আৰু ভিডিঅ' প্ৰচাৰ কৰে তেন্তে তেওঁলোকক আইনে ক্ষমা নকৰে ৷ ধেমালিতো কোনেও এনে কৰিব নালাগে " ৷

বাকী ৰাজ্যসমূহকো এনে কৰিবলৈ এই ঘোষণাই উদগনি যোগাব বুলি আশা কৰিব পাৰি ৷ 21 দিনীয়া লক্ ডাউনৰ পাচত ভাৰতৰ আৰ্থ-সামাজিক অৱস্থা সুস্থিৰ অৱস্থালৈ অনাৰ বাবে প্ৰস্ততি চলোৱা উচিত আৰু এই বিশাল জনসংখ্যাৰ দেশত কৰ'ণা ভাইৰাছতকৈ আগতে সাম্প্ৰদায়িক বিভাজনক আঁতৰোৱা উচিত ৷

- চি. উদয় ভাস্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.