ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ কাৰাগাৰত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ

author img

By

Published : Jul 10, 2020, 1:12 PM IST

নাগপুৰ চেন্ট্ৰেল কাৰাগাৰত সৰ্বাধিক কয়দীৰ দেহত লাভ কৰা গৈছে ক'ভিড-১৯ৰ অৱস্থিতি। বৰ্তমানলৈকে ২১৯ গৰাকী কয়দী আৰু ৫৭ গৰাকী কৰ্মচাৰী এই ৰোগত আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰৰ কাৰাগাৰত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ
মহাৰাষ্ট্ৰৰ কাৰাগাৰত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ

নিউজ ডেস্ক, ১০ জুলাইঃ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । বিগত কেইবাদিন ধৰি প্ৰতিদিনে ৬০০০ গৰাকীৰ অধিক লোকৰ দেহত সংক্ৰমিত হৈছে এই ভাইৰাছৰ বীজাণু। ৰাজ্যখনত থকা জেলসমূহত বৰ্তমানলৈকে মুঠ ৭৬৩ গৰাকী কাৰাবন্দী তথা কাৰাগাৰত কৰ্মৰত লোকৰ ক'ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে ৫৯৬ গৰাকী কাৰাবন্দী আৰু ১৬৭ কাৰাগাৰৰ কৰ্মচাৰী বুলি মহাৰাষ্ট্ৰ কাৰাগাৰ বিভাগে শুকুৰবাৰে প্ৰকাশ কৰে।

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি নাগপুৰ চেন্ট্ৰেল কাৰাগাৰত সৰ্বাধিক কাৰাবন্দীৰ দেহত লাভ কৰা গৈছে ক'ভিড-১৯ৰ অৱস্থিতি। বৰ্তমানলৈকে ২১৯ গৰাকী কয়দী আৰু ৫৭ গৰাকী কৰ্মচাৰী এই ৰোগত আক্ৰান্ত হৈছে।

উল্লেখ্য যে,ক'ভিড-১৯ত আক্ৰান্ত মুঠ ৭৬৩ গৰাকী কাৰাবন্দী তথা কাৰাগাৰত কৰ্মৰত লোকৰ ভিতৰত ২৮১ গৰাকী কাৰাবন্দী আৰু ৯৩ গৰাকী কৰ্মচাৰীয়ে কৰ'ণা ভাইৰাছৰ কৱলৰ পৰা মুক্তি লাভ কৰিছে । আনহাতে,এই মহামাৰীৰ ফলত ৪ গৰাকী কাৰাবন্দীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰত এইপৰ্যন্ত মুঠ ২,৩০,৫৯৯ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ৯৩,৬৫৪ গৰাকী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ১,২৭,২৫৯ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে, কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত বৰ্তমানলৈকে মুঠ ৯,৬৬৭ গৰাকী লোকৰ মৃত্যু হৈছে।

লগতে চাওকঃ মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.