ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিৰ ওপৰত আক্ৰমণ : মোডীলৈ পত্ৰ অৰুণাচলী বিধায়কৰ

author img

By

Published : Apr 12, 2020, 12:05 AM IST

শনিবাৰে অৰুণাচলৰ বিধায়ক নিনং এৰিঙে দেশৰ ভিন্ন প্ৰান্তত জাতিগত বৈষম্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰে ।

COVID-19
COVID-19: উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত মোডীলৈ পত্ৰ অৰুণাচলৰ বিধায়কৰ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ শনিবাৰে অৰুণাচলৰ এগৰাকী কংগ্ৰেছ বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰে । কৰ'ণা ভাইৰাছকলৈ দেশৰ বিভিন্ন অঞ্চলত জাতিগত বৈষম্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত আক্ৰমণ হোৱা ঘটনা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিবলৈ পত্ৰযোগে আহ্বান জনাই প্ৰধানমন্ত্ৰী মোডীক ৷

বিধায়ক নিনং এৰিঙে পত্ৰত লিখে যে, আমাৰ দেশৰ নৈতিকতাৰ উলংঘন হৈ আছে । কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিক কৰ'ণা ভাইৰাছৰ কাৰণ বুলি অভিহিত কৰি আক্ৰমণ কৰা হৈছে ।

মণিপুৰৰ এগৰাকী মহিলাই কিছুদিন পূৰ্বে অভিযোগ উত্থাপন কৰিছিল যে, এজন অজ্ঞাত লোকে মহিলা গৰাকীক দুৰ্ব্যৱহাৰ কৰে আৰু উত্তৰ-পশ্চিম দিল্লীৰ বিজয় নগৰত মহিলা গৰাকীক 'কৰ'ণা ভাইৰাছ' বুলি সম্বোধন কৰে । ইয়াৰোপৰি হায়দৰাবাদৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানতো উত্তৰ-পূবৰ কেইগৰাকীমান ছাত্ৰৰ লগত দুৰ্ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত All Arunachal Pradesh Students' Union (AAPSU) য়ে মহামাৰীৰ বাবে বিশ্বজুৰি সংকটময় অৱস্থা চলি থকা সময়ত এনে জাতিগত বৈষম্যৰ ঘটনা সংঘটিত হোৱা কাণ্ডক গৰিহণা দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.