ETV Bharat / bharat

কোভিড-19 : 95 বছৰীয়া বৃদ্ধই প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ দান কৰিলে 1 লাখ টকা - বিলাছপুৰৰ বাসিন্দা সন্তৰাম ঠাকুৰ

হিমাচল প্ৰদেশৰ এগৰাকী 95 বছৰীয়া বৃদ্ধই প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ নিজৰ জমাৰাশিৰ পৰা 1 লাখ টকা প্ৰদান কৰে ৷ হিমাচল প্ৰদেশৰ বিলাছপুৰৰ বাসিন্দা সন্তৰাম ঠাকুৰে জিলাধিপতিৰ হাতত এই ৰাশি অৰ্পন কৰে ৷

প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ 1 লাখ টকা দান কৰা সন্তৰাম ঠাকুৰ

author img

By

Published : Apr 13, 2020, 3:23 PM IST

নিউজ ডেস্ক, 13 এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 1 লাখ টকা দান কৰিলে হিমাচল প্ৰদেশৰ এগৰাকী 95 বছৰীয়া লোকে ৷ জীৱনযোৱা আৰ্জনৰ পৰা এইদৰে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধন আগবঢ়োৱা ব্যক্তিগৰাকী হৈছে বিলাছপুৰ জিলাৰ কাৰিয়ান গাঁৱৰ বাসিন্দা সন্তৰাম ঠাকুৰ ৷

1984 চনত কৃষি বিভাগৰ এগৰাকী এছডিঅ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল সন্তৰাম ঠাকুৰে ৷ ঠাকুৰে তেওঁৰ ধনৰাশিৰ এখন চেক বিলাছপুৰৰ জিলাধিপতিৰ হাতত অৰ্পন কৰে ৷ সন্তৰাম ঠাকুৰৰ পুত্ৰ হোছিয়াৰ সিঙে প্ৰকাশ কৰা অনুসৰি, তেওঁ দীৰ্ঘদিনৰ পৰাই সামাজিক কামৰ সৈতে জড়িক হৈ আহিছে আৰু আনকো সামাজিক কামত জড়িত হ’বলৈ উৎসাহ প্ৰদান কৰি আহিছে ৷

প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ 1 লাখ টকা দান কৰা সন্তৰাম ঠাকুৰ

আনহাতে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধন প্ৰদান কৰি সন্তৰাম কয় যে, এই ধনৰাশি প্ৰয়োজনীয় লোকসকলৰ বাবে প্ৰদান কৰা হৈছে ৷ ইয়াৰ দ্বাৰা দুখীয়া লোকসকলে নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ঔষধ পাতি ক্ৰয় কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.