নিউজ ডেস্ক, ৪ জুলাইঃ মহামাৰী COVID-19ৰ পৰা আৰোগ্য় হৈ উঠা ৪৭ গৰাকী কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা কৰ্মচাৰীয়ে শুকুৰবাৰে দান কৰিলে প্লাজমা । দিল্লী আৰু মুম্বাই কৰ'ণা আক্ৰান্ত ৰোগীসকলৰ সহায়ৰ উদ্দেশ্যৰে ৰক্ত প্লাজমা দান কৰে CISFৰ কৰ্মীসকলে ।
![CISFৰ কৰ্মী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:29:38:1593824378_7880123_842_7880123_1593786393791.png)
আনহাতে,পেৰামিলিটাৰী বিভাগৰ এগৰাকী মুখপ্ৰাত্ৰই কোৱা অনুসৰি,CISFৰ সঞ্চালক প্ৰধান ৰঞ্জনে কৰ'ণা মুক্ত হোৱা এই সেনাসকলক এই মহান কামত অংশ গ্ৰহণ তথা সহায় কৰি বৰ্তমানেও কৰ'ণাত আক্ৰান্ত ৰোগীসকৰ প্ৰাণ কৰিবলৈ আহ্বান জনাই । লগতে কয়, CISFৰ কৰ্মচাৰীসকলৰ এই প্লাজমা সেৱা দিল্লীৰ আৰু মুম্বাইৰ কৰ'ণা আক্ৰান্ত ব্যক্তিসকলৰ বাবে উবলব্ধ হ'ব বুলি জানিবলৈ দিয়ে । আনহাতে, ৮ গৰাকী CISFৰ কৰ্মচাৰী ইতিমধ্যে কৰ'ণা ভাইৰাছত আত্ৰান্ত হৈ মৃত্যু হয় বুলিও সদৰি কৰে ।
উল্লেখ্য যে, প্লাজমা থেৰাপী হৈছে এটি সাধাৰণ চিকিৎসা প্ৰক্ৰিয়া । য'ত ৰোগীয়ে কৰ'ণা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠাৰ পাচত তথা ভাইৰাছৰ বিৰুদ্ধে ব্যক্তিগৰাকীৰ দেহটো এন্টিবডি হিচাপে প্ৰস্তুত হয় তেতিয়া সেই ব্যক্তি গৰাকীয়ে আন কৰ'ণা আক্ৰান্ত ব্যক্তিক কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ প্লাজমা দান কৰে ।
লগতে চাওকঃ কৰ’ণা ভাইৰাছৰ সুৰক্ষাৰ নামত যুৱতীক হাৰাশাস্তি নগা আৰক্ষীৰ