ETV Bharat / bharat

ক'ভিড প্ৰতিষেধক : দেশত ফেব্ৰুৱাৰীৰ শেষৰ পৰা সাধাৰণ জনতাৰ বাবে উপলব্ধ হ'ব ক'ভেক্সিন - ভাৰতৰ ক'ভিড প্ৰতিষেধক

হাইদৰাবাদত অৱস্থিত প্ৰতিষেধক নিৰ্মাতা ভাৰত বায়টেকত ভাৰত চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত প্ৰস্তুতি চলি থকা ক'ভিড-19 ৰ প্ৰতিষেধক কভেক্সিনৰ নিদানিক পৰীক্ষণৰ নেতৃত্ব দি থকা ডাঃ সঞ্জয় ৰায়ৰ মতে 2021 ৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগলৈ ভাৰতত সাধাৰণ জনতাৰ প্ৰয়োগৰ বাবে ক'ভিড-19 প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷

covaxin indias covid vaccine
ভাৰতত ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগলৈ সাধাৰণ জনতাৰ বাবে উপলব্ধ হ'ব ক'ভেক্সিন
author img

By

Published : Dec 9, 2020, 1:23 PM IST

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ: 2021ৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগলৈ সাধাৰণ জনতাৰ বাবে কভেক্সিন উপলব্ধ হোৱাৰ সম্ভাৱনা ৷ এইমছত হাইদৰাবাদত অৱস্থিত প্ৰতিষেধক নিৰ্মাতা ভাৰত বায়টেকত ভাৰত চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত প্ৰস্তুতি চলি থকা ক'ভিড-19 ৰ প্ৰতিষেধক কভেক্সিনৰ নিদানিক পৰীক্ষণৰ নেতৃত্ব দি থকা ডাঃ সঞ্জয় ৰায়ে কয় যে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফাললৈ সাধাৰণ ৰাইজৰ বাবে ক'ভেক্সিন উপলব্ধ হ'ব বুলি আশা কৰিব পাৰি ৷

ৰায়ে লগতে কয় যে আৰু দুবিধ স্বদেশী প্ৰতিষেধক বজাৰত ভুমুকি মাৰিবলৈ প্ৰায় সাজু হৈ উঠিছে ৷ 2021 বৰ্ষৰ প্ৰথম তিনিমাহৰ শেষলৈ এই প্ৰতিষেধক দুবিধ বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ দ্বাৰা তৈয়াৰী ক'ভিশ্বিল্ডো তৃতীয় পৰ্যায়ৰ নিদানিক পৰীক্ষণত আছে ৷ তেওঁ কয় যে ক'ভেক্সিনৰ সমান্তৰালকৈ ক'ভিশ্বিল্ডো ৰাইজৰ প্ৰয়োগৰ বাবে বজাৰত প্ৰায় একে সময়তে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷

কভেক্সিনে বৰ্তমান তৃতীয় পৰ্যায়ৰ নিদানিক পৰীক্ষণত প্ৰৱেশ কৰিছে আৰু 100 ৰো অধিক স্বেচ্ছাসেৱকে এই প্ৰতিষেধকৰ প্ৰথমটো ড'জ লাভ কৰিছে ৷ ৰায়ে জানিবলৈ দিয়া মতে নিৰ্ধাৰিত লক্ষ্য অনুসৰি 26,000 স্বেচ্ছাসেৱক ক'ভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে সাজু আছে ৷ এই পৰীক্ষণত স্বেচ্ছাসেৱক হিচাপে নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নূন্যতম বয়স 18 বছৰ ৰখা হৈছে ৷

দেওবাৰে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই জৰুৰীকালীন প্ৰয়োগৰ বাবে অনুমতি বিচাৰি আবেদন কৰাৰ পাছতে সোমবাৰে ড্ৰাগ কন্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াক ভাৰত বায়'টেকে জৰুৰীকালীন প্ৰয়োগৰ বাবে অনুমতি বিচাৰি আবেদন কৰে ৷

শেহতীয়াকৈ হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল ভিজক পৰীক্ষণমূলক প্ৰতিষেধক প্ৰদানৰ দুসপ্তাহ পাছত মন্ত্ৰী গৰাকী ক'ভিড-19 আক্ৰান্ত হোৱাৰ পাছত ক'ভেক্সিন বাতৰিৰ শিৰোনামত আছিল ৷

লগতে পঢ়ক:চিকিৎসা বিশেষজ্ঞৰ তিনিজনীয়া দলক ইলুৰুলৈ প্ৰেৰণ কৰিলে কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.