নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : বহু বিতৰ্কিত আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰত অভিযুক্ত দেশৰ প্ৰাক্তন প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কীৰ্তি চিদাম্বৰমক তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দিল্লীৰ এখন আদালতে ৷ চিবিআইলৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত গোচৰৰ অভিযোগনামাৰ পৰা কিছু তথ্য চিদাম্বৰম আৰু তেওঁৰ পুত্ৰক প্ৰদান কৰিবলৈ কোৱা হৈছে ৷
বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাৰে আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰৰ শুনানিৰ সময়তে চিবিআইলৈ জাৰী কৰে এই নিৰ্দেশনা ৷ ইয়াৰ উপৰিও প্ৰৱৰ্তক নিৰ্দেশালয়ে (Enforcement Directorate) দাখিল কৰা অবৈধ টকাৰ গোচৰৰো শুনানি কৰি আছে আদালতে ৷ শুনানিৰ সময়ত আদালতত উপস্থিত আছিল পি চিদাম্বৰম ৷
2017 চনৰ 15 মে'ত চিবিআইয়ে বৈদেশিক বিনিয়োগ সংবৰ্ধন বোৰ্ড (Foreign Investment Promotion Board)ৰ দ্বাৰা 2007 চনত সেইসময়ৰ বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে আইএনএক্স মিডিয়া গ্ৰুপক 305 কোটি বিদেশী ধন গ্ৰহণ কৰাত অনুমতি প্ৰদান কৰা বিষয়ক লৈ এক গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰ পৰৱৰ্তী সময়ত প্ৰৱৰ্তক নিৰ্দেশালয়েও চিদাম্বৰম আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে অবৈধ ধনৰ লেন-দেনৰ ওপৰত আন এক গোচৰ ৰুজু কৰিছিল ৷
লগতে পঢ়কঃ আৰক্ষীৰ আত্মহত্যাৰ ঘটনা প্ৰতিহত কৰিবৰ অসম চৰকাৰৰ বিশেষ পদক্ষেপ