ETV Bharat / bharat

ছট্টিশগড়ত বিস্ফোৰণঃ বিস্ফোৰণত ব্যৱহাৰ ৰকেট লাঞ্চাৰ - অন্তৰ্গত তাডুকীত ৰেল লাইনৰ নিৰ্মাণকাৰ্য্যৰ সমীপত বিস্ফোৰণ

ছট্টিশগড়ৰ কশ্ৰন্দা আৰক্ষী থানাৰ অন্তৰ্গত তাডুকীত ৰেল লাইনৰ নিৰ্মাণকাৰ্য্যৰ সমীপত বিস্ফোৰণ ।

ছট্টিশগড়ত বিস্ফোৰণঃ জব্দ ৰকেট লাঞ্চাৰ
ছট্টিশগড়ত বিস্ফোৰণঃ জব্দ ৰকেট লাঞ্চাৰ
author img

By

Published : Jan 21, 2021, 8:54 PM IST

নিউজ ডেস্ক, ২১ জানুৱাৰী: ছট্টিশগড়ৰ তাডুকীত বিস্ফোৰণ । কশ্ৰন্দা আৰক্ষী থানাৰ অন্তৰ্গত তাডুকীত ৰেল লাইনৰ নিৰ্মাণ স্থলীৰ সমীপতে এক বিস্ফোৰণ সংঘটিত হয় । ফলত অঞ্চলজুৰি হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে এই বিস্ফোৰণটোৰ প্ৰাবল্য সামান্য আছিল ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, বৃহস্পতিবাৰে সংঘটিত এই বিস্ফোৰণটোত ব্যৱহৃত ৰকেট লাঞ্চাৰটো ভাৰততে নিৰ্মিত আছিল । বিস্ফোৰণটো সংঘটিত হোৱাৰ পাছতেই বোমা বিশেষজ্ঞৰ দল এটা আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ।

অন্তাগড়ৰ আৰক্ষী উপ-অধীক্ষক কৌশলেন্দ্ৰ পেটেলে জনায় যে, এচ এচ বিৰ এটা দল ৰেল লাইন নিৰ্মাণকাৰ্য্যৰ নিৰীক্ষণ কৰিবলৈ কৰ্তব্যত নিয়োজিত হৈ আছিল । এয়াৰ মাজতেই এই বিস্ফোৰণটো সংঘটিত হয় । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:ছিক্কিম ফিল্ম চিটি সন্দৰ্ভত আলোচনা মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.