ETV Bharat / bharat

কৰ'ণা ভাইৰাছঃ তিহাৰ কাৰাগাৰে মুকলি কৰিব 3 হাজাৰ কাৰাবন্দীক

author img

By

Published : Mar 24, 2020, 2:42 PM IST

কাৰবন্দী সকলৰ ভিতৰত 1500 দোষী সাব্যস্ত হোৱা আৰু 1500 বিচাৰাধীন কাৰাবন্দী আছে ৷ সম্প্ৰতি তিহাৰ কাৰাগাৰত 17 হাজাৰ কাৰাবন্দী আছে বুলি প্ৰকাশ কৰিছে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই ৷

কৰ'ণা ভাইৰাছঃ তিহাৰ কাৰাগাৰে মুকলি কৰিব 3 হাজাৰ কাৰাবন্দীক
কৰ'ণা ভাইৰাছঃ তিহাৰ কাৰাগাৰে মুকলি কৰিব 3 হাজাৰ কাৰাবন্দীক

নতুন দিল্লী, 24 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই অহা কেইদিন মানৰ ভিতৰতে প্ৰায় তিনি হাজাৰ কাৰাবন্দীক পেৰলত মুকলি কৰি দিব ৷ অত্যাধিক কাৰাবন্দী থকা তিহাৰ কাৰগাৰত যাতে কৰ'ণা ভাইৰাছ বিয়পি পৰিব নোৱাৰে সেইবাবে আদালতৰ নিৰ্দেশত লোৱা হৈছে এই সিদ্ধান্ত ৷ এই কাৰবন্দী সকলৰ ভিতৰত 1500 দোষী সাব্যস্ত হোৱা আৰু 1500 বিচাৰাধীন কাৰাবন্দী আছে ৷ সম্প্ৰতি তিহাৰ কাৰাগাৰত 17 হাজাৰ কাৰাবন্দী আছে বুলি প্ৰকাশ কৰিছে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, তিহাৰ কাৰাগাৰত 10 হাজাৰ কাৰাবন্দীহে থাকিব পৰা সুবিধা আছে ৷ অলপতে উচ্চতম ন্যায়ালয়ে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক এই বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল ৷ সেই সূত্ৰে চৰকাৰ আৰু কাৰাগাৰ কৰ্তৃপক্ষই বিষয়টোৰ পৰ্যালোচনা কৰি এনে গুৰুত্ব পূৰ্ণ সিদ্ধান্তত উপনীত হৈছে ৷ তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ উদ্ধৃতিত কোৱা হৈছে যে, জামিন অথবা পেৰলত মুকলি কৰি দিবলগীয়া কাৰাবান্দী সকলৰ তালিকা প্ৰস্তুত কৰি থকা হৈছে ৷

লগতে চাওকঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.