ETV Bharat / bharat

COVID-19: গুজৰাটত ১২ জনৰ মৃত্যু, ১৪৬ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা - গুজাৰাট

দেশৰ লগতে ক্ৰমাৎ গুজাৰাটত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ প্ৰকোপ । সোমবাৰে নতুনকৈ ১৮ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । সোমবাৰ পৰ্যন্ত ৰাজ্যখনত ১৪৬ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা ।

COVID-19: গুজৰাটত ১২ জনৰ মৃত্যু, ১৪৬ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

author img

By

Published : Apr 7, 2020, 2:42 PM IST

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ দেশৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে । গুজৰাটত আক্ৰান্তৰ সংখ্যা বৃদ্ধিছে ১৪৬ জনলৈ । আনহাতে মৃত্যুৰ সংখ্যা হৈছে ১২ গৰাকী । ইপিনে ২২ গৰাকী লোক সুস্থ হৈ উভতি যাবলৈ সক্ষম হৈছে । অৱশ্যে ৰাজ্যখনত এতিয়াও ভয়ংকৰ ৰূপে থিয় দিছে এই মাৰাত্মক ভাইৰাছ বিধে । লক্ ডাউনৰ মাজতেই সোমবাৰে নতুনকৈ ৰাজ্যখনত ধৰা পৰিছে মুঠ ১৮ টাকৈ আক্ৰান্তৰ ঘটনা ।

ইয়াৰে ১০ টা প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে তবলিগী জামাতৰ সৈতে সম্পৰ্ক আছে । নতুন দিল্লীত বিগত মাহত নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত হৈছিল তবলিগী জামাত অনুষ্ঠান । সেই অনুষ্ঠানতেই বহু লোক COVID-19 ৰোগীৰ সংস্পৰ্শলৈ আহিছিল । যাৰ বাবে অসমতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।

গুজৰাটত বৰ্তমানে ১৪,০৫৪ গৰাকী লোকক কোৱাৰেণ্টাইত ৰখা হৈছে । ইয়াৰে ১২,৮৮৫ গৰাকী হোম আইচলেচনত আছে । মুঠ ৯০০ চৰকাৰী আৰু ২৬৯ টা বেচৰকাৰী চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছে লোকসকল ।

লগতে চাওক- COVID-19: ২০ হাজাৰ কোটি টকীয়া চেণ্ট্ৰল ভিষ্টা প্ৰজেক্ট বাতিলৰ আহ্বান কংগ্ৰেছ সাংসদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.