ETV Bharat / bharat

পৰীক্ষাৰ্থীয়ে ঘৰৰ পৰাই দিব পাৰিব TOFEL আৰু GRE পৰীক্ষা !

author img

By

Published : Apr 3, 2020, 3:52 PM IST

কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে এডুকেশ্যনেল টেষ্টিং চাৰ্ভিচ চমুকৈ ইটিএছ-এ ঘোষণা কৰিছে যে, বিশ্ব স্তৰৰ পৰীক্ষা সমূহ যেনে TOFEL আৰু GRE আদি চীনৰ মূল ভূ-খণ্ড আৰু ইৰাণৰ বাহিৰে আন দেশ সমূহত ঘৰৰ পৰাই অৱতীৰ্ণ হ'ব পাৰিব ৷ TOFEL আৰু GRE হৈছে বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে অৱতীৰ্ণ হ'বলগীয়া গুৰুত্বপূৰ্ণ পৰীক্ষা ৷

Students to take global exams TOEFL, GRE at home

নিউজ ডেস্ক, 3 এপ্ৰিল : বিশ্বজুৰি অব্যাহত থকা কৰ'ণা মহামাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত পৰীক্ষা সমূহ যেনে TOFEL,GRE আদি চীনৰ মূল খণ্ড আৰু ইৰাণক বাদ দি বাকী দেশ সমূহত ঘৰৰ পৰাই অৱতীৰ্ণ হ'ব পৰাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰিছে এডুকেশ্যনেল টেষ্টিং চাৰ্ভিচ চমুকৈ ইটিএছ-এ ৷

সমগ্ৰ বিশ্বত কৰ'ণা প্ৰাদুৰ্ভাৱৰ বাবে স্থগিত ৰখা হৈছিল এইসমূহ পৰীক্ষা ৷

"বিশ্বজুৰি যি সকল পৰীক্ষাৰ্থী কৰ'ণাৰ দ্বাৰা প্ৰভাৱিত হৈছে তেওঁলোকৰ বাবে ঘৰতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ TOFEL আৰু GRE দুয়োটা পৰীক্ষাই চে'ন্টাৰত অনুষ্ঠিত কৰিব পৰা পৰিস্থিতি ঘূৰি নহা লৈকে ঘৰতেই অনুষ্ঠিত কৰা হ'ব ৷" TOFEL ৰ কাৰ্যবাহী সঞ্চালক শ্ৰীকান্ত গোপালে সংবাদ মাধ্যমক জনাইছে এই কথা ৷

পৰীক্ষাত অৱতীৰ্ণসকলৰ বৈধতা, সুৰক্ষা আৰু বিচক্ষণতা নিশ্চিত কৰিবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই পৰীক্ষাত বেষ্ট ইন ক্লাছ সুৰক্ষা পদ্ধতি অৱলম্বন কৰা হৈছে য'ত সঠিক সময়ৰ মানৱ নিৰীক্ষণ আৰু কৃত্ৰিম প্ৰযুক্তি দুয়োটাই ব্যৱহাৰ কৰা হৈছে ৷ TOFEL আৰু GRE হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয়ত নামভৰ্ৰিতৰ বাবে অৱতীৰ্ণ হ'ব লগীয় অতি গুৰুত্বপূৰ্ণ পৰীক্ষা ৷

লগতে পঢ়ক : কৰ’ণা ভাইৰাছত মৃত্য়ুবৰণ কৰাসকল শ্বহীদঃ ওৱেছী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.