ETV Bharat / bharat

কোভিড-19 : বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আয়ুস মন্ত্ৰালয়ৰ নিয়মাৱলী পালন কৰিবলৈ আহ্বান

author img

By

Published : Apr 5, 2020, 9:03 AM IST

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবাসীক অহা 5 এপ্ৰিলত নিশা 9 বজাত 9 মিনিটৰ বাবে সকলো লাইট বন্ধ কৰি লেম্প, কেণ্ডেল, ম‘বাইল ফ্লাছলাইট অন কৰি দেশবাসীক কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিবলৈ আহ্বান জনায় ৷ ইয়াৰ পিচতেই শনিবাৰে মানৱ সম্পদ মন্ত্ৰালয়ে দেশৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক আয়ুস মন্ত্ৰালয়ে কৰ‘ণাৰ বাবে জাৰী কৰা নিয়মাৱলী পালন কৰিবলৈ আহ্বান জনায় ৷

Coronavirus: Schools, colleges asked to advise students to follow Ayush ministry protocols
বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আয়ুস মন্ত্ৰালয়ৰ নিয়মাৱলী

নিউজ ডেস্ক, 4 এপ্ৰিলঃ শনিবাৰে দেশৰ মানৱ সম্পদ মন্ত্ৰালয়ে ইয়াৰ অধীনস্থ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক এক বিশেষ নিৰ্দেশনা প্ৰদান কৰে ৷ সেই অনুসৰি, দেশৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষকে তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰালয়ে কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ জাৰী কৰা নিয়মাৱলী সমূহ পালন কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাকি জ্বলাবলৈ কৰা আহ্বানক সমৰ্থন জনাই এইদৰে আয়ুস মন্ত্ৰালয়ে জাৰী কৰা নিয়মাৱলীসমূহ পালন কৰিবলৈ কয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৷

CBSE, UGC, AICTE, NCERT আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত মানৱ সম্পদ মন্ত্ৰালয়ৰ সচিব অমিত খাড়ে কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে গ্ৰহণ কৰা নীতিসমূহৰ বিষয়ে উল্লেখ কৰে ৷

খাড়ে কয় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানমৰ্মে শিক্ষাৰ্থীসকলে নিশা 9 বজাত 9 মিনিটৰ বাবে কেণ্ডেল, চাকি অথবা তেওঁলোকৰ ম‘বাইলৰ টৰ্ছ জ্বলাই পোহৰৰ শক্তি অনুধাৱন কৰাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে চলা ভাৰতবাসীৰ যুঁজখনক প্ৰতিনিধিত্ব কৰক ৷ কিন্তু এই সময়ত কোনেও যাতে বাহিৰলৈ ওলাই নাহে নাইবা ৰাজহুৱা স্থানত একত্ৰিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ কোৱা হৈছে ৷ আয়ুস মন্ত্ৰালয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কিছুমান নিয়মাৱলী বান্ধি দিছে ৷ ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে আৰোগ্য সেঁতু এপ ডাউনলোড কৰিব পাৰে, যাক কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ এই অপটোৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক আৰু পৰিয়ালৰ লোকসকল বহুপৰিমানে উপকৃত হ‘ব ৷ "

দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত এতিয়ালৈকে 2,547ৰো অধিক লোক কৰ‘ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট কোভিড-19 মহামাৰীত আক্ৰান্ত হৈছে আৰু ইয়াৰে ভিতৰত 62গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.