নেশ্যনেল ডেস্ক, 10 মাৰ্চ : কেৰালাত ইটোৰ পাচত সিটো কৰ'ণাভাইৰাছত আক্ৰান্তৰ তথ্য লাভ কৰাৰ ফলত 31 মাৰ্চলৈকে ছবিগৃহ বন্ধ ঘোষণা কৰা হৈছে ৷
কোচিত বহুকেইটা চিনেমা সন্থাই যুটীয়াভাৱে আয়োজন কৰা এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ থিয়েটাৰ এচ'ছিয়েছন কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বুধবাৰৰ পৰা ছবিগৃহসমূহ বন্ধ থাকিব ৷
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী ভিজয়ানে এক সংবাদমেল আয়োজন কৰি সকলো ছবিগৃহ বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ পাচতে চিনেমা সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
ইয়াৰোপৰি, ৰাজ্যখনৰ কেন্দ্ৰীয় বিদ্যালয়সমূহো বন্ধ ঘোষণা কৰা হৈছে ৷ কৰ'ণাভাইৰাছৰ বহুকেইটা নতুন ঘটনা ৰাজ্যখনত পোহৰলৈ অহাৰ ফলত মুখ্যমন্ত্ৰী ভিজয়ানে মাৰ্চৰ শেষলৈকে বিদ্যালয়সমূহ বন্ধ থাকিব বুলি ঘোষণা কৰিছে ৷
সকলো শিক্ষানুষ্ঠান আৰু মাদ্ৰাছা মাৰ্চৰ শেষলৈকে বন্ধ ৰাখিবলৈ চৰকাৰী পক্ষই অনুৰোধ জনাইছে ৷
কিন্তু, সকলো বিশ্ববিদ্যালয় আৰু ব্যৱহাৰিক পৰীক্ষাসমূহ পূৰ্বৰ সূচী মতেই অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে ৷
উল্লেখ্য যে, মঙলবাৰ লৈকে কেৰালাত সৰ্বমুঠ 12 টা Covid-19 ৰ ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে, পেশাদাৰী শিক্ষানুষ্ঠান সমূহেও এই সময়ছোৱাত পাঠদান নকৰাই বুলি জানিব পৰা গৈছে ৷
আৰু পঢ়ক : বিশ্বত্ৰাস কৰ'ণাঃ হাত সাৰিবলৈ পৰামৰ্শ দিলে ডাঃ হিতেশ বৰুৱাই