কলিয়াবৰ, 14 মে' : লক্ ডাউনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা খোজকাঢ়ি অসমলৈ আহিব সাজু 23 গৰাকী শ্ৰমিক ৷ উত্তৰ প্ৰদেশৰ 'কাচগঞ্জ' জিলাৰ তাৰা এণ্টাৰপ্ৰাইজত কৰ্মৰত অসমৰ বিভিন্ন প্ৰান্তৰ এই সকল শ্ৰমিকে লক্ ডাউনৰ বাবে সন্মুখীন হৈছিল তীব্ৰ খাদ্য সংকটতত ৷ প্ৰতিষ্ঠানটোৰ সমীপৰে এটা হোষ্টেলত বাস কৰা শ্ৰমিক কেইজনক লক্ ডাউনৰ সময়ত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ শ্ৰমিক কেইজনৰ ৷
আনকি প্ৰতিদিনে বৰ্ধিত হাৰত অঞ্চলটোত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে হোষ্টেলৰ স্বত্বাধিকাৰীয়ে হোষ্টেল ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত উপায়বিহীন হৈ পৰে শ্ৰমিক কেইজন ৷
যাৰফলত শ্ৰমিক কেইজনে খোজকাঢ়িয়ে অসমলৈ আহিব লগা হৈছে শ্ৰমিকৰ দলটোৱে ৷ নগাঁও, বঙাইগাঁও, হোজাই, শোণিতপুৰ, কাৰ্বি আংলং, গোলাঘাট আৰু বাক্সা জিলাৰ শ্ৰমিক কেইজনৰ ভিতৰত 7 গৰাকী মহিলা থকা বুলিও জানিব পৰা গৈছে ৷
শেহেতীয়া খৱৰ অনুসৰি, ইতিমধ্যে শ্ৰমিকৰ দলটোৱে 130 কিলোমিটাৰ বাট খোজকাঢ়ি অতিক্ৰম কৰিছে উত্তৰ প্ৰদেশৰ বৰে'লি জিলা ৷
লগতে পঢ়ক : ওজাপালিৰে কৰ'ণা সজাগতাৰ প্ৰয়াস