নিউজ ডেস্ক , 4 মাৰ্চঃ তেলেংগানাত চিনাক্ত হোৱা কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা 88 গৰাকী ব্যক্তিৰ ভিতৰত 45 গৰাকী লোকক গান্ধী চৰকাৰী হাস্পতালত ভৰ্তি কৰা হৈছে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা লোকসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু ফলাফল এতিয়ালৈকে অহা নাই ৷ তেলেংগনাত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা ব্যক্তি চিনাক্ত হোৱাৰ পাছত এই মন্তব্য কৰিছে তেলেংগনাৰ স্বাস্থ্য মন্ত্ৰী এটেলা ৰাজেন্দ্ৰৰে ৷
বাংগালুৰুস্থিত এখন আই টি ফাৰ্মত কৰ্মৰত হায়দৰাদৰ ব্যক্তিজনৰ শৰীৰলৈ তেখেতৰ ডুবাই ভ্ৰমণৰ সময়ত কৰ’ণা ভাইৰাছৰ বীজাণু সংক্ৰমিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ পেছাগত কামত ডুবাই ভ্ৰমণৰ সময়ত হংকঙৰ কেইবাগৰাকীও প্ৰতিনিধিৰ লগত ব্যক্তিজনৰ সাক্ষাৎ হৈছিল ৷ উল্লেখযোগ্য যে, ডুবাইৰ পৰা উভতি অহাৰ পাছত বাংগালুৰুত দুদিন অতিবাহিত কৰা ব্যক্তিজনে তেখেতৰ সহকৰ্মীসকলৰ লগতো কেইবাখনো সভাত অংশগ্ৰহণ কৰিছিল ৷ তেখেতৰ সহকৰ্মীসকলৰ লগতে,বাংগালুৰুৰ পৰা হায়দৰাবাদলৈ একেলগে যাত্ৰা কৰা তেখেতৰ পৰিয়ালৰ সদস্য সকলৰ লগতে,ব্যক্তিগৰাকীক প্ৰথমে ভৰ্তি কৰোৱা ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী সকলকো 14 দিনৰ বাবে পৃথকে ৰখা হ’ব আৰু তেওঁলোকৰ তেজৰ নমুনাও পৰীক্ষাৰ বাবে প্ৰেৰণ হ’ব বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷
বাংগালুৰুৰ পৰা বাছেৰে হায়দৰাবাদত উপস্থিত হোৱাৰ পাছত দুৰ্বল আৰু ফ্লুৰ দৰে লক্ষণ অনুভৱ কৰাৰ বাবে ব্যক্তিগৰাকীয়ে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল ৷ 5 দিন সাধাৰণভাৱে চিকিৎসা গ্ৰহণ কৰাৰ পাছত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত ব্যক্তিজনক গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ তেখেতৰ তেজৰ নমুনা পুনেস্থিত National Institute of Virology লৈ প্ৰেৰণ কৰা কৰাৰ পাছতেই তেখেতৰ দেহত COVID-19 ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ৰাজ্যত প্ৰথমটো কৰ’ণা ভাইৰাছৰ ঘটনা চিনাক্ত হোৱাৰ লগে লগেই প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে এই ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে 100 কোটি টকাৰ অনুদান ঘোষণা কৰে ৷
তিনিজন সংসদীয় মন্ত্ৰীৰ এখন কমিটিয়ে বৰ্ৰ্তমানৰ পৰিস্থিতি তথা প্ৰতিৰোধৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিবৰ বাবে আলোচনাত মিলিত হয় ৷ মিলিটেৰী হাস্পতাল, চেষ্ট হাস্পতাল,গান্ধী হাস্পতাল,ফিভাৰ হাস্পতাল আৰু ভিকাৰাবাদ হাস্পতালত অতিৰিক্ত বিছনাৰ লগতে কৰ’ণা ভাইৰাছৰ মোকাবিলা কৰিব পৰাকৈ সকলো সা-সুবিধাৰে সাজু কৰি তোলা হৈছে ৷
বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বা নিৰীক্ষণত থকা ব্যক্তি সকলৰ সহায়াৰ্থে স্বাস্থ্য বিভাগে 24 জন শ্বাস-প্ৰশ্বাসজনিত ৰোগ বিশেষজ্ঞক প্ৰেৰণ কৰিছে ৷ সমসংখ্যক চিকিৎসকক বিকল্প হিচাপেও ৰখা হ’ব বুলি জানিবলৈ দিছে তেলেংগানা প্ৰশাসনে ৷ গুৰুত্বপূৰ্ণ যে,প্ৰয়োজনসাপেক্ষে চিকিৎসা প্ৰদানৰ বাবে ইতিমধ্যে অৱসৰ প্ৰাপ্ত চিকিৎসক সকলৰ লগতো সম্পৰ্ক স্থাপন কৰিছে তেলেংগানা প্ৰশাসনে ৷ কেলেংগানাৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীক তেখেতে ইতিমধ্যে তেলেংগানাৰ জনসাধাৰণৰ বাবে পৰ্যাপ্ত মাস্ক যোগান ধৰিবলৈ অনুৰোধ জনাইছে ৷ কৰ’ণা ভাইৰাছ সম্পৰ্কে কাল্পনিক তথ্য সমূহ মানুহৰ মনৰ পৰা নোহোৱা কৰিবলৈ তথা জনসাধাৰণক সজাগ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে সজাগতা সভা আয়োজনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে এটেলা ৰাজেন্দ্ৰৰে ৷
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সকলোকে আশ্বাস দিয়ে যে,এই ক্ষেত্ৰত আতংকিত হোৱাৰ বিশেষ কাৰণ নাই ৷ কৰ’ণা ভাইৰাছ সম্পৰ্কে ওলোৱা উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে, এই ভাইৰাছত আক্ৰান্ত হোৱা 3 শতাংশ মানুহৰহে মৃত্যু হৈছে,পৰিসংখ্যাগতভাৱে ছোৱাইন ফ্লু বা SARS ত কৈ ই যথেষ্ট কম ৷ জনসমাগমলৈ যোৱাৰ সময়ত সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে হাঁছি বা কাঢ়ৰ সময়ত ৰুমাল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে লগতে আশা প্ৰকাশ কৰে যে,তেলেংগানা ৰাজ্যত কৰ’ণাৰ ভয়াৱহতা দেখিবলৈ পোৱা নাযাব,কিয়নো বৰ্ধিত তাপমাত্ৰাৰ লগত এই ভাইৰাছটোৱে নিশ্চিতভাৱে সহাৱস্থান কৰিব নোৱাৰিব ৷
লগতে পঢ়কঃঅখিল গগৈৰ উন্নত চিকিৎসা-মুক্তিৰ দাবীত শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ