ETV Bharat / bharat

কৰ'ণাতংকঃ চেনিটাইজ কৰাৰ বাবে নতুন পদ্ধতি বিকাশ DRDO ৰ - প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন

সকলো অঞ্চল মহামাৰী কোভিড-১৯ ৰ সংক্ৰমণৰ পৰা ৰোধ কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ‘ই পৰিস্কাৰ-পৰিচন্নতাকৈ ৰখাৰ নতুন পদ্ধতি অৱলম্বন কৰিছে ।

কৰ'ণাতংকঃ চেনিটাইছ কৰাৰ বাবে নতুন পদ্ধতি বিকাশ DRDO ৰ

author img

By

Published : Apr 4, 2020, 9:08 AM IST

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ দেশত এতিয়া লক ডাউন । ক'ৰণা ভাইৰাছৰ মহামাৰীৰ বিৰুদ্ধে অব্যাহত আছে ভাৰতৰ যুঁজ । শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ‘ই সাজি উলিয়াইছে সকলো ঠাই পৰিস্কাৰ কৰিব পৰাকৈ নতুন পদ্ধতি । শুকুৰবাৰে এই কথা সদৰী কৰে প্ৰতিষ্ঠানটোৰ বিষয়াই ।

পূৰ্বতে সুৰক্ষা পোছাক, ভেণ্টিলেটৰ আৰু বিশেষ মাস্ক তৈয়াৰ কৰাৰ লগত জড়িত হৈ পৰিছিল ডিআৰডিঅ'। কিন্তু দিল্লীৰ দ্য চেণ্টাৰ ফৰ্ ফায়াৰ এক্সপ্লছিভ এণ্ড এনভাৰমেণ্ট চেফটি (CFEES) য়ে স্বচ্ছতা বজাই ৰাখিবলৈ দুটা কনফিগাৰেশ্বন উপকৰণৰ বিকাশ কৰিছে ।

প্ৰথমটো পোৰ্টেবল বেকপেক অঞ্চল চেনিটাইজ কৰিব পৰাকৈ আনটো ট্ৰলি মাউণ্ট বৃহৎ অঞ্চল চেনিটাইজ কৰিব কৰিব পৰা সা-সৰঞ্জাম ।

DRDO ৰ মতে পৰ্টেবল বেকপেক সৰঞ্জামখিনিৰে সন্দেহজনক অঞ্চল সমূহত চেনিটাইজ কৰাৰ বাবে এক শতাংশ হাইপোক্লোৰাইট দ্ৰৱ্য সমন্বিত সংমিশ্ৰণ কৰি স্প্ৰে কৰাৰ বাবে ।

পৰ্টেবল ষ্টিটেমক বেকপেক হিচাপে ব্যৱহাৰ কৰাৰ উপযোগী । এইটো অপাৰেচন কৰ্মচাৰীৰ দ্বাৰাও ব্য়ৱহাৰ কৰিব পৰা যায় । এই প্ৰণালী অতি সূক্ষ্ম কুৱলী প্ৰস্তুৰ বাবে নিম্ন চাপৰ তৰল পদাৰ্থ (বায়ু আৰু জীৱানুনাশক পদাৰ্থ) অন্তৰ্ভূক্ত হৈ থাকে । এই প্ৰক্ৰিয়াৰে ৩০০ বৰ্গ মিটাৰ আয়তনৰ অঞ্চল বীজাণুমুক্ত কৰিবলৈ সক্ষম । এই দুটা পদ্ধতি ব্যৱহাৰৰে হাস্পতালৰ অভ্যৰ্থনা অঞ্চল, চিকিৎসকৰ চেম্বাৰ, কৰিডৰ, পথ, মেট্ৰ' তথা ৰে'ল ষ্টেচন ইত্যাদি চেনিটাইজ কৰিব পৰা যায় ।

ট্ৰলি মাউণ্টৰ দ্বাৰা বৃহৎ অঞ্চল প্ৰায় ৩০০০ বৰ্গ মিটাৰ অঞ্চল চেনিটাইজ কৰাৰ উপযোগী । ইয়াৰ টেংকিৰ ক্ষমতা হৈছে ৫০ লিটাৰ । ১২-১৫ মিটাৰ দূৰত্বলৈ চটিয়াবলৈ সক্ষম । চিকিৎসালয়, শ্ব'পিং ম'ল, বিমান বন্দৰ ইত্য়াদি অনুষ্ঠানৰ বাবে উপযোগী । বৰ্তমান জৰুৰীকালিন ব্যৱস্থাৰ বাবে দিল্লী পুলিছক এই প্ৰযুক্তি প্ৰদান কৰা হৈছে ।

NAS ৰিপোৰ্টঃ উশাহত বিয়পে কৰ'ণা ভাইৰাছ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.