ETV Bharat / bharat

মুদ্ৰাৰ মাধ্যমেৰে বিয়পিব পাৰে কৰ'ণা ভাইৰাছ ! - ভাৰতৰ বেংকিং খণ্ড

মুদ্ৰাৰ পৰা বিয়পিব পাৰে কৰ'ণা ভাইৰাছ ৷ এই কথা প্ৰকাশ SBI ৰ ৷

SBI ৰ প্ৰতিবেদন
মুদ্ৰাৰ মাধ্যমেৰে বিয়পিব পাৰে কৰ'ণা ভাইৰাছ
author img

By

Published : Mar 22, 2020, 3:14 PM IST

নেশ্যনেল ডেস্ক, 22 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত মানৱজাতিৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল বুলি ক'লেও হয়তো মিছা কোৱা নহ'ব ৷ বিভিন্ন ধৰণে এই ৰোগবিধে আমাক প্ৰভাৱান্বিত কৰি আহিছে ৷ বাৰ্ড ফ্লু আৰু ছোৱাইন ফ্লুৰ দৰে এই ভাইৰাছবিধৰ উৎস সম্পৰ্কে বৰ্তমানেও কোনো জ্ঞাত নহয় ৷

কিন্তু, ন'বেল কৰ'ণা ভাইৰাছবিধ সংক্ৰমণৰ সন্দেহযুক্ত মাধ্যম হিচাপে চিনাক্ত কৰা হৈছে কাগজৰ নোট আৰু মুদ্ৰাক ৷

চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, এই ভাইৰাছবিধ কাগজৰ নোটত প্ৰায় 3 ঘন্টা সময় থাকিব পাৰে ৷

শেহতীয়া এক SBI প্ৰতিবেদনত জনোৱা হৈছে, "ভাইৰাছ সংক্ৰমণৰ অন্যতম কাৰণ নোটসমূহ হ'ব পাৰে আৰু ই স্বাস্থ্যৰ বাবে অপকাৰী ৷"

যোৱা সপ্তাহত প্ৰকাশ পোৱা এই প্ৰতিবেদনে লগতে কয় যে, 2016 চনত কৰ্ণাটকত এক অধ্যয়নৰ বাবে সংগ্ৰহ কৰা 100, 50, 20 আৰু 10 টকাৰ এশখন নোটত ৰোগৰ উপস্থিতি ধৰা পৰিছিল ৷

RBI ৰ আহ্বান
মুদ্ৰাৰ মাধ্যমেৰে বিয়পিব পাৰে কৰ'ণা ভাইৰাছ !

SBI য়ে লগতে প্ৰকাশ কৰে যে, লক্ষ্নৌৰ কিং জৰ্জেছ মেডিকেল ইউনিভাৰ্ছিটিয়ে চলোৱা এক সমীক্ষাত সংগ্ৰহ কৰা 48 টা মুদ্ৰাতে বেক্টেৰিয়া, ভেঁকুৰ আৰু পৰজীৱীৰ উপস্থিতি ধৰা পৰিছিল ৷

ইয়াৰ উপায় ?

RBI নিৰ্দেশাৱলীৰ পাচতে সকলো বেংকে উপভোক্তাক মেছেজ প্ৰেৰণ কৰি জনাইছে যে, নগদ লেনদেন পৰিহাৰ কৰি UPI, মোবাইল বেংকিং, IMPS আদি ডিজিটেল লেনদেন কৰা উচিত ৷

'সামাজিক দূৰত্ব'ৰ অন্যতম অংশ হিচাপে বিশেষজ্ঞই এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপদেশ প্ৰদান কৰিছে ৷

ভাৰতৰ দৰে গ্ৰামাঞ্চলেৰে আৱৰা এখন দেশত তুলাৰে নিৰ্মিত নোটৰ পৰিৱৰ্তে পলিমাৰ/প্লাষ্টিকৰ নোট ব্যৱহাৰ কৰাটো এক অন্যতম সমাধান হ'ব পাৰে ৷

SBI প্ৰতিবেদন অনুসৰি, "ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু কানাডাৰ দৰে দেশত ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে পলিমাৰ নোট ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ সেয়েহে, ভাৰততো এই নোট ব্যৱহাৰ কৰাৰ ওপৰত পৰীক্ষণ পৰা যায় ৷"

আৰু পঢ়ক : স্তব্ধ ৰাজ্যঃ 'জনতা কাৰফিউ'লৈ স্বৰ্তস্ফূত সহাৰি ৰাজ্যবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.