ETV Bharat / bharat

NAS ৰিপোৰ্টঃ উশাহত বিয়পে কৰ'ণা ভাইৰাছ !

author img

By

Published : Apr 3, 2020, 10:34 PM IST

কৰ'ণা ভাইৰাছ কাঁহ চৰ্দীৰ পৰা বিয়পা বুলি সদৰী কৰিছিল বিশেষজ্ঞ সকলে । কিন্তু National Academy of Sciences ৰ এক ৰিপোৰ্ট অনুসৰি বতাহৰ মাধ্যমেৰেও কৰ'ণা ভাইৰাছ বিয়পে !

NAS ৰিপোৰ্ট
NAS ৰিপোৰ্টঃ উশাহত বিয়পে কৰ'ণা ভাইৰাছ

নিউজ ডেস্ক, 3 এপ্ৰিলঃ সৰুকৈ বলা বতাহৰ পৰা বিয়পিব পাৰে COVID-19 ! সংক্ৰমিত ব্যক্তিয়ে সামন্যভাৱে উশাহ লোৱা সময়ত ভাইৰাছটো বিয়পাৰ উপৰিও চৰ্দী, কাঁহৰ দ্বাৰাও বিয়পে COVID-19 ।

বৰ্তমানলৈকে বিশেষজ্ঞ সকলে কয় যে, SARS-CoV-2 নামৰ ভাইৰাছ বতাহৰ দ্বাৰা বিয়পাৰ শংকা নাই । কিন্তু হাচিয়ালে নাকৰ পৰা ওলোৱা পানীৰ পৰা এই ভাইৰাছ বিয়পাৰ শংকা দুগুণ । নাকৰ পৰা ওলোৱা পানী যিকোনো বস্তুৰ ওপৰত পৰিলে সেয়া দূষিত কৰাৰ লগতে সেই সকল ব্যক্তি ভাইৰাছটোৰ দ্ধাৰা আক্ৰন্ত হয় যিয়ে বস্তুবিধ হাতেৰে চুই মুখত হাত দিয়ে ।

সেয়হে চাৰ্জিকেল মাস্ক পৰিধাণ কৰিলে ভাইৰাছ সংক্ৰমিত হোৱা ব্যক্তিৰ পৰা ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা কম থাকে । হংকং বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ পৰা এই কথা সদৰী কৰা হৈছে ।

ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলৰ যিয়ে শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগে আৰু তেওঁলোকক আৰু সংক্ৰমিত নহোৱা ব্যক্তিসকলক চাৰ্জিকেল মাস্ক পৰিধাণ কৰোৱাই পৰীক্ষা চলোৱা হয় ।

উল্লেখ্য যে, ২ এপ্ৰিল পৰ্যন্ত বিশ্বজুৰি ১ মিলিয়নতকৈ অধিক লোক COVID-19 ত আক্ৰান্ত হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ৫০,০০০ লোকৰ মৃত্যু হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.