নিউজ ডেস্ক, 9 এপ্ৰিল : COVID19 এ সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰিছে ৷ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে এই মহামাৰীৰ সংক্ৰমণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ৰোগত ৷ দেশখনত আক্ৰান্তৰ সংখ্যা হৈছে 435,941 গৰাকী আৰু মৃত্যু হৈছে 14,865 গৰাকী লোক ৷ স্পেইনত বৰ্তমানলৈকে আক্ৰান্ত হৈছে 152,446 গৰাকী লোক ৷ আজি দিনটোৰ ভিতৰত 4226 গৰাকী লোক আক্ৰান্ত হৈছে স্পেইনত ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে 15,238 গৰাকী লোক ৷
ইটালীত বৰ্তমানলৈকে মৃতকৰ সংখ্যা সৰ্বাধিক পৰিলক্ষিত হৈছে ৷ দেশখনত 139,422 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে 17,669 গৰাকী লোকৰ ৷ জাৰ্মানীতো অব্যাহত আছে COVID19ৰ আতংক ৷ বৰ্তমানলৈকে 113,615 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে জাৰ্মানীত মৃতকৰ সংখ্যা হৈছে 2,349 গৰাকী ৷ আনহাতে ফ্ৰান্সত 112,950 গৰাকী লোক বৰ্তমানলৈকে COVID19ত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 10,869 গৰাকীৰ ৷
লগতে পঢ়ক : ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য