ETV Bharat / bharat

কৰ’ণা ভাইৰাছত আক্ৰান্ত ভগৱান গণেশ !

কৰ’ণা ভাইৰাছক লৈ চীনে ত্ৰাহি মধুসুদন সোঁৱৰাৰ সমানকৈ সাৰি নগ’ল ভগৱানো ৷ সম্প্ৰতি ভগৱান গণেশো আক্ৰান্ত হৈছে কৰ’ণাৰ আতংকত !

author img

By

Published : Mar 17, 2020, 9:15 AM IST

Covid 19
Covid 19

পুণে,17 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ ৰোষত বিশ্ববাসী ৷ সাৰি যোৱা নাই স্বয়ং ভগৱানো ৷ সেয়ে পুণেৰ বিখ্যাত দগদুশ্বেঠ হালৱাই গণপতি মন্দিৰ কমিটিয়ে এই আতংকৰ পৰা সাৰিবলৈ ব্যতিক্ৰমী পৰামৰ্শ আগবঢ়াইছে ৷ সেই অনুসৰি,মন্দিৰ কমিটিৰ তৰফৰ পৰা ভক্তসকলক অনলাইনৰ জৰিয়তে ভগৱান গণেশৰ দৰ্শন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ ৰাজ্য চৰকাৰৰ কৰ’ণা ভাইৰাছ সন্দৰ্ভত আগবঢ়োৱা নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে,দেশৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসন সম্প্ৰতি এই বিষয়ত সতৰ্ক হোৱাৰ লগতে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰোপৰি,মন্দিৰ কমিটিয়ে উপযুক্ত মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ নকৰা ভক্তক মন্দিৰ দৰ্শনৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কৰ’ণা ভাইৰাছত আক্ৰান্ত ভগৱান গণেশ !

লগতে চাওকঃভাৰতত 114 লৈ বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.