ETV Bharat / bharat

ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ - RAHUL GANDHI

কংগ্ৰেছ নেতা ৰাজকুমাৰ চৌহানক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰে বুলি উৰা বাতৰি প্ৰকাশ হোৱাৰ পাচৰে পৰা প্ৰতিবাদ মুখৰ হৈ পৰিছে তেওঁৰ সমৰ্থকসকল ৷ ৰাজ কুমাৰ চৌহানৰ সলনি অন্য প্ৰাৰ্থীক তেওঁলোকৰ নেতা হিচাপে গ্ৰহণ নকৰে বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ ৷

ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Apr 21, 2019, 2:35 PM IST

নতুন দিল্লী, 21 এপ্ৰিলঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত দেওবাৰে কংগ্ৰেছ নেতা ৰাজ কুমাৰ চৌহানৰ সমৰ্থকৰ প্ৰতিবাদ ৷ ৰাজ কুমাৰ চৌহানৰ পৰিৱৰ্তে অন্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ হাতে হাতে প্লেকাৰ্ড লৈ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ কুমাৰ চৌহানৰ সলনি অন্য প্ৰাৰ্থীক তেওঁলোকৰ নেতা হিচাপে গ্ৰহণ নকৰে বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ ৷

আনহাতে দলীয় নেতাসকলে প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছ দলটোৱে নতুন দিল্লীৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজয় মাকনক, প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীতক চান্দনী চৌকৰ পৰা, অলিম্পিয়ান সুনীল কুমাৰক পশ্চিম দিল্লীৰ পৰা,অৰবিন্দৰ লভলীক পূব দিল্লীৰ পৰা,ৰমেশ কুমাৰক দক্ষিণ দিল্লীৰ পৰা,জে পি আগৰৱালাক উত্তৰ পূব দিল্লীৰ পৰা আৰু ৰাজ কুমাৰ চৌহানক উত্তৰ পশ্চিম দিল্লীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে ৷ উল্লেখ যে,কংগ্ৰেছ নেতা ৰাজকুমাৰ চৌহানক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰে বুলি উৰা বাতৰি প্ৰকাশ হোৱাৰ পাচৰে পৰা প্ৰতিবাদ মুখৰ হৈ পৰিছে তেওঁৰ সমৰ্থকসকল ৷

Congress workers protest outside Rahul's residence

ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.