নিউজ ডেস্ক, 27 জুনঃ এইবাৰ হত্যাৰ বলি হাৰিয়ানা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা দলটোৰ মুখপাত্ৰ বিকাশ চৌধুৰী ৷ ৰাজ্যখনৰ ফৰিদাবাদত সংঘটিত হয় এই হত্যাকাণ্ড ৷ সমগ্ৰ ঘটনাৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈ ৰৈছে ৷ আৰক্ষীয়ে বৰ্তমানে প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিছে ৷
উল্লেখ্য যে, ব্যায়ামখানাৰ পৰা ওলাই অহাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তই নেতাগৰাকীক নিচেই ওচৰৰ পৰা গুলীৰে থকা-সৰকা কৰি দিয়ে ৷ বৃহস্পতিবাৰে ৰাতিপুৱা সংঘটিত হয় এই ঘটনা ৷ দুৰ্বৃত্তই নেতাগৰাকীক শূণ্য় দুৰত্বৰ পৰা প্ৰায় আঠ জাঁই গুলীৰে থকা-সৰকা কৰি দিয়ে ৷ ঘটনাস্থলীত উপস্থিত থকা লোকে ততালিকে নেতাগৰাকীক স্থানীয় এক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷